মাজত মাথোঁ ১ টা দিনঃ ৩০ লক্ষ ভকত–বৈষ্ণৱ–পর্যটকক আদৰিবলৈ সাজু কাজিৰঙা সমন্বয় ক্ষেত্ৰ
নিয়মীয়া বাৰ্তা ৩ ফ্ৰেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজতে আৰু মাথোঁ এটা দিন৷ বোকাখাত মহকুমাৰ অন্তর্গত দিহিঙীয়া মহুৰা পথাৰৰ ‘বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র’ত অহা ৫ ফেব্রুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া অধিৱেশনৰ প্রস্তুতি সম্পূর্ণ হোৱাৰ পথত৷ ৩০ লক্ষাধিক ভকত–বৈষ্ণৱক আদৰিবলৈ সম্পূর্ণৰূপে সাজু হৈছে আদৰণী সমিতি৷
মণ্ডপ, শিবিৰ, নামঘৰ, ভোজনালয়, ৰান্ধনিশাল, গ্রন্থমেলা আদি নির্মাণৰ কাম সম্পূর্ণ হোৱাৰ পথত৷ তিনিশ চৌকাত ৰান্ধিব আহাৰ, বৃহৎ ভোজনালয়ত একেলগে আহাৰ গ্রহণ কৰিব ১০ হাজাৰ ভকত–বৈষ্ণৱে৷ প্রথম অৱস্থাত প্রতিকূল বতৰ, আর্থিক সংকটে দেখা দিছিল যদিও ভক্তপ্রাণ ৰাইজ, অনুষ্ঠান–প্রতিষ্ঠান, দল–সংগঠনে আদৰণী সমিতিলৈ সহায়ৰ হাত আগবঢ়োৱাত এতিয়া যেন সফল ৰূপায়ণৰ দিশে শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনখন৷
দেওবাৰে কৃষিমন্ত্রী অতুল বৰাই ১৬খন ট্রেক্টৰত আলু, ৰঙালাউ, ফুলকবি, বন্ধাকবি, মূলা, জলকীয়া আদিকে ধৰি ২০ লক্ষাধিক টকাৰ শাক–পাচলি আদৰণী সমিতিক অর্পণ কৰে৷ বর্তমান উক্ত শাক–পাচলিসমূহ অধিৱেশনস্থলীত নির্মাণ কৰা অধিৱেশনৰ কেন্দ্রীয় ভঁৰালত মজুত কৰি ৰাখিছে৷ মন্ত্রী বৰাই বোকাখাতৰ মৰিয়াহোলাত কৃষি বিভাগৰ তত্ত্বাৱধানত আৰু স্থানীয় ৰাইজৰ সহযোগত ২৫০ বিঘা কৃষিভূমিত জৈৱিক পদ্ধতিত এই খেতি কৰিছিল৷
ইফালে অধিৱেশনস্থলীত ২১৫টা শিবিৰৰ ভিতৰত দুটা বিশেষ শিবিৰ নির্মাণ কৰা হৈছে৷ ইয়াৰে বিদেশী পর্যটকৰ বাবে এটা আৰু পদাধিকাৰ তথা সংঘৰ মুখ্য সম্পাদক থাকিবৰ কাৰণে মিচিং চাংঘৰৰ আর্হিত আনটো বিশেষ শিবিৰ নির্মাণ কৰা হৈছে৷ মূল নামঘৰ চৌহদত তামোল–পাণ, কল আদিৰ এখন অসমীয়া বাৰীৰ আর্হি প্রস্তুত কৰিছে৷ মূল তোৰণৰ সমীপত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ আর্হিত এখন উদ্যান সজোৱা হৈছে৷ পানীত ওপঙি থকা এটা বৃহৎ পদুম ফুলৰ বেদীত পতাকা উত্তোলন কৰিব পদাধিকাৰে৷ মূল মণ্ডপ–বেদী জৈৱিক পদ্ধতিত প্রস্তুত কৰা ১০১ বিধ ফুলেৰে সজোৱা হৈছে৷