ঔপন্যাসিক নিৰুপমা বৰগোহাঞিক জিংগল বঁটা প্রদান
নিয়মীয়া বাৰ্তা ৩ ফেব্রুৱাৰীঃ জিংগল পাব্লিক স্কুলৰ বার্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দেওবাৰে বেতকুছিস্থিত বালাজী মন্দিৰৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ঔপন্যাসিক নিৰুপমা বৰগোহাঞিক ২০১৯–২০২০ বর্ষৰ জিংগল বঁটা প্রদান কৰে৷ এই বঁটাত আছে মানপত্র, শৰাই আৰু নগদ ধন৷ বিশিষ্ট অর্থনীতিবিদ ড০ দেৱজিৎ মহন্তই আনুষ্ঠানিকভাৱে এই বঁটা প্রদান কৰে৷ বঁটা গ্রহণ কৰি বিশিষ্ট ঔপন্যাসিক নিৰুপমা বৰগোহাঞিয়ে কয় যে জিংগল সমিতিয়ে আগবঢ়োৱা বঁটাই মোক উৎসাহিত কৰিছে দুগুণ উৎসাহেৰে লিখা–মেলাত মনোনিৱেশ কৰাৰ বাবে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ লক্ষ্মীনন্দন বৰাই সমাজৰ বৰেণ্য ব্যক্তিলৈ জিংগল সমিতিয়ে আগবঢ়োৱা জিংগল বঁটাই বঁটাপ্রাপকক উৎসাহিত কৰিব তেওঁলোকৰ কর্মক স্বীকৃতি দিয়া বাবে৷ এই অনুষ্ঠানতে ড০ দেৱজিৎ মহন্তৰ গ্রন্থ ‘দৃষ্টিপাত’ উন্মোচন কৰে ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰীয়ে৷ গ্রন্থখন উন্মোচন কৰি দেৱ চৌধুৰীয়ে কয় যে পৰিৱর্তিত পটভূমিৰ লগত সংগতি ৰাখি সাধাৰণ লোকে জটিল বুলি ভবা, কিন্তু দৈনন্দিন জীৱন প্রণালীৰ লগত জড়িত অর্থনীতিৰ অনেক কথা ড০ মহন্তই সৰলভাৱে তথ্যৰে দীর্ঘদিন ধৰি লিখা–মেলা কৰি আহিছে৷ পুনম লহকৰ মহন্ত আৰু আব্দুল মজিদে আঁত ধৰা এই বঁটা প্রদান অনুষ্ঠানত বুবুল কলিতাৰ আবৃত্তি আৰু শিল্পী অবিনাশ মজুমদাৰৰ থিতাতে ঁকা চিত্রশিল্পই সকলোকে আপ্লুত কৰে৷ সমাজৰ বিভিন্ন দিশৰ বহু বৰেণ্য ব্যক্তি, জিংগল পাব্লিক স্কুলৰ অভিভাৱক–ভিভাৱকা আৰু ছাত্র–ছাত্রী উপস্থিত থকা উক্ত অনুষ্ঠানত ছাত্র–ছাত্রীসকলৰ দ্বাৰা শাস্ত্রীয় সংগীতকে আদি কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক কার্যসূচী পৰিৱেশন কৰা হয়৷