পাটাছাৰকুছিত নির্মাণ হ’বলগীয়া পঞ্চায়ত কাৰ্যালয়ৰ কামৰ শুভাৰম্ভ মন্ত্ৰী ৰণজিৎ দাসৰ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিত আজি একেদিনাই দুটাকে পঞ্চায়ত কার্যালয়ৰ কামৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পঞ্চায়ত মন্ত্রী তথা স্থানীয় বিধায়ক ৰণজিৎ কুমাৰ দাসে। উল্লেখ্য যে আজি প্রথমে মন্ত্রী দাসে সামষ্টিটোৰ মানিকপুৰ গাঁৱপঞ্চায়ত নতুনকৈ নিৰ্মাণ হালগীয়া পঞ্চায়ত কাৰ্যালয়টেৰ কামৰ শুভাৰম্ভ কৰে৷ প্রায় ২০ লাখ টাকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া এই পঞ্চায়ত কাৰ্যালয়টোৰ কামৰ শুভাৰম্ভণি কৰি মন্ত্রী দাসে কয় যে পঞ্চায়তৰ উন্নয়ন অধিক তৰান্বিত কৰাৰ লক্ষ্যকে পাটাছাৰকুছি সমষ্টিত আজি ২০ লাখ টকা ব্যয় সাপেক্ষে দুটাকে পঞ্চায়ত ভৱন নির্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়৷ মন্ত্ৰীগৰাকীয়ে ইয়াত পাছতে সমষ্টিটোৰ ১১৯ নং মুগুৰীয়া গাওঁ পঞ্চায়ত ভৱনটোৰ নির্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে৷ আজিৰ এই অনুষ্ঠানত মন্ত্রী দাসৰ লগত বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিৎ শালৈ, বজালী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰিয়া, বজালী উন্নয়ন-খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চন্দন বেজবৰুৱা, কনিষ্ঠ অভিযন্তা দিলীপ কলিতা, ১২৯ নং মানিকপুৰ গাঁও পঞ্চায়তৰ সভানেত্রী স্বর্ণৰেখা দাস, ১১৯ নং মুগুৰীয়া গাঁও পঞ্চায়তৰ সভাপতি খনিন কাকতি, উত্তৰ বজালী জিলা পৰিষদৰ সদস্য ভনিতা বড়ো আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ইপিনে আজি সমষ্টিটোত পুনৰ ৫০ লাখ টকা ব্যয় সাপেক্ষে দুটা নতুন আদর্শ অংগণবাড়ী কেন্দ্ৰও মন্ত্রী দাসে ৰাইজৰ বাবে উচৰ্গা কৰে৷ সমষ্টিটোৰ পট ৮১ নং পাটাছাৰকুছি আদর্শ অংশবাড়ী কেন্দ্র আৰু ৯৯ নং বিলপাৰ আদর্শ অংশবাড়ী কেন্দ্রটো উচৰেগা কৰি মন্ত্রীগৰাকীয়ে ভাষণত কয় যে আগন্তুক দিনত এই অংগণৱাড়ী কেন্দ্র দুটাই অঞ্চল দুটিৰ শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশত বিশেষভাৱে সহায়ক হব। এই অনুষ্ঠানত বজালী জিলাৰ উপায়ুক্ত কাবেৰী বি শর্মা, বিজেপিৰ জ্যেষ্ঠ নেতা নৃপেন নাথ, ৰঞ্জিৎ শালৈকে আদি কৰি ভালে সংখ্যক লোক উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা