নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ জে বি কলেজত নবাগত ছাত্ৰক অমানুষিক নিৰ্যাতন; মহাবিদ্যালয়ৰ হোষ্টেল ত্যাগ ছাত্ৰৰ

নিয়মীয়া বাৰ্তা, ২৮ নৱেম্বৰ: ৰাজ্যৰ উচ্চ শিক্ষঅনুষ্ঠান ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পিছত এইবাৰ ঐতিহ্য মণ্ডিত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সংঘটিত হৈছে ৰেগিংৰ ঘটনা।যি ঘটনাই মহাবিদ্যালয়খনৰ ঐতিহ্যত কালিমা সানিলে। দীৰ্ঘ দিন ধৰি মহাবিদ্যালয় খনৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত অগ্ৰজ ছাত্র ৰ দ্বাৰা অনুজ বহু ছাত্ৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ অহাৰ তথ্য পোহৰলৈ আহিছে। যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰবাসত চলি থকা ৰেগিংৰ জঘন্য ঘটনাৰ কথা সামাজিক মাধ্যমৰ পোহৰলৈ আনিছে নিৰ্মম নিৰ্যাতনৰ সন্মুখীন হোৱা লখিমপুৰৰ শিমলুগুৰিৰ প্ৰণৱজ্যোতি চেতিয়া নামৰ ছাত্ৰগৰাকীয়ে। কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং ৰ ঘটনা ৰ পিছত আজি ছাত্ৰ গৰাকীয়ে সামাজিক মাধ্যম ত জে কলেজৰ ছাত্ৰবাসত তেওঁক লৈ হোৱা ৰেগিং ৰ বিস্ফোৰক মন্তৰিৰ পিছত এতিয়া তোলপাৰ লাগিছে  সমগ্ৰ যোৰহাটত। যোৰহাটৰ জে বি কলেজৰ স্নাতক  মহলাৰ  প্ৰথম ষাণ্মাসিকৰ অসমীয়া বিভাগত মেজৰ লৈ  চৈয়দ আব্দুল মালিক ছাত্ৰাবাসলৈ প্ৰবেশ কৰাৰ দিন ধৰি ছাত্ৰজন হোষ্টেলৰ অগ্ৰজ কাইবাগৰাকী ছাত্ৰৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আহিছে। প্ৰথম দিনাই  ছাত্ৰজনক হোষ্টেলতোৰ কিমান দুৱাৰ খিৰিকী আছে সেয়া সোধাৰ পিছত কব নোৱাৰাত  দৌৰাই দৌৰাই শাৰীৰিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

 

You might also like