নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ অগপ নেতা পলাশ শইকীয়াৰ মৃত্যু

নিয়মীয়া বাৰ্তা,২৯ নবেম্বৰঃ  লখিমপুৰ জিলাৰ ধলপুৰৰ নিবাসী, অসম চৰকাৰৰ কৃষি বিভাগৰ অবসৰপ্ৰাপ্ত কৰ্মচাৰী পোৱাল শইকীয়াৰ পুত্ৰ তথা অসম গণ পৰিষদ দলৰ নেতা পলাশ (মুন) শইকীয়া (৪৯) কালি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয় ৷ মধুমেহ আৰু আনুসংগিক কিছু ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি আছিল শইকীয়াৰ ৷ চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাতে কালি পুৱা তেখেতে শেষনিশ্বাস ত্যাগ কৰে ৷ পলাশ শইকীয়া মৃত্যুৰ খবৰ বিয়পি পৰা লগেলগে অগনন শুভাকাংক্ষী তেখেতৰ গৃহত উপস্থিত হয়হি ৷ কালি সন্ধিয়া গুৱাহাটীৰ পৰা শইকীয়াৰ নশ্বৰদেহ ঘৰ আহি পোৱাৰ পাছতে কান্দোনৰ ৰোল সৃষ্টি হয় ৷ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিবিশেষে শইকীয়াৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ অসম গণ পৰিষদৰ ধলপুৰ আঞ্চলিক সমিতি বিষয়ববীয়া আৰু বিহপুৰীয়া বিধান পৰিষদৰ বিষয়ববীয়া সকলে দলীয় পতাকাৰে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই ৷ মৃত্যু সময়লৈকে পলাশ শইকীয়া অগপ দলৰ লখিমপুৰ জিলা সমিতিৰ কাৰ্যকৰী সদস্য পদত অধিষ্ঠিত আছিল ৷ তেখেতৰ এই অকাল মৃত্যুত দলটোৰ বাবে ব্যাপক ক্ষতি বুলি অভিহিত কৰিছে দলৰ বিষয়ববীয়া সকলে ৷ ৰাজনৈতিক ক্ষেত্ৰত প্ৰদাৰ্পন কৰা পূৰ্বে শইকীয়া সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল ৷ শইকীয়াৰ পত্নী ৰিতামণি শইকীয়া অগপ দলৰ পৰা প্ৰাৰ্থীত্বগ্ৰহণ কৰি ধলপুৰ গাওঁ পঞ্চায়তৰ সভাপতি পদত বিজয় সাব্যস্ত হৈছিল ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহ দুই পুত্ৰ,পিতৃ-মাতৃ,তিনি ভগ্নীক ইহসংসাৰত এৰিথৈ যায় ৷

## মাধূৰ্য দাস,ধলপুৰ ##

You might also like