নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ কোটি ৮০ লাখ টকাৰ বাজেটেৰে প্রস্তুতি সম্পূর্ণ শংকৰদেৱ সংঘৰ অধিৱেশনৰ

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্ম, সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান হিচাপে চিহ্নিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনখনক লৈ যেন এতিয়া উথপথপ পৰিৱেশ বিৰাজ কৰিছে বোকাখাতৰ অধিৱেশনস্থলীত৷

বোকাখাত মহকুমাৰ অন্তর্গত দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত ৫ ফেব্রুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা সংঘৰ ৮৯সংখ্যক অধিৱেশনৰ প্রাকক্ষণত বিভিন্ন দল–সংগঠনে ৰাজনৈতিক নেতাক নিমন্ত্রণ কৰাক লৈ বিৰূপ মন্তব্য কৰাৰ মাজতে সোমবাৰে আদৰণী সমিতিয়ে এখন সংবাদ মেলযোগে ২ কোটি ৮০ লাখ টকাৰ বাজেট নির্ধাৰিত অধিৱেশনৰ প্রস্তুতি সম্পন্ন হোৱা বুলি সদৰী কৰে৷

আদৰণী সমিতিৰ কার্যালয়ত প্রচাৰ সমিতিৰ সম্পাদক প্রদ্যুৎ মহন্তই আঁত ধৰা সংবাদ মেলত আদৰণী সমিতিৰ সম্পাদক চন্দ্রকান্ত ভূঞাই কয় যে প্রস্তুতিৰ কাম ইতিমধ্যেই সম্পূর্ণ হৈছে৷ নির্ধাৰিত বাজেটৰ টকা ইতিমধ্যে সংগ্রহ হৈছে৷ প্রথম অৱস্থাত অর্থ সংকটে দেখা দিছিল যদিও বর্তমান অর্থ সংকট নাই৷ চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা লাভ কৰিছে৷ ৫৪৮খন গ্রন্থ বিপণী, ৩৬০ বহিঃবাণিজ্য বিপণী, হোটেলত নাথাকিব মদ–প্লাষ্টিক, প্রদর্শন হ’ব ৭খনকৈ অংকীয়া নাট৷ অধিৱেশনৰ বাবে পুলিচ–প্রশাসন, যান–বাহনকে ধৰি সকলো ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা পৰিকল্পিতভাৱে সম্পাদন হৈছে৷ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া আতা সোঁৱৰণী মূল মণ্ডপ, শিবিৰ, ভোজনালয়, ওপঙা পদুম ফুল আকৃতিৰ বৃহৎ পতাকা উত্তোলন বেদীৰ নির্মাণৰ কামো ইতিমধ্যে সম্পন্ন হৈছে৷ নিতৌ গ্রন্থমেলাৰ বাকৰিত বিবিধ সাহিত্য অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অধিৱেশনস্থলীৰ মূল তোৰণৰ সমীপতে নির্মাণ কৰা কৃত্রিম কাজিৰঙা ৰাষ্ট্রীয় উদ্যানখনৰ গঁড়, হৰিণাকে ধৰি বিবিধ পশু–পক্ষী আৰু প্রাকৃতিক সৌন্দর্যই নিশ্চিতভাৱে মন মুহিব লাখ লাখ ভকতক৷

ইপিনে, অধিৱেশনস্থলীত শংকৰ–আজানৰ বৰ অসমৰ এক প্রতিচ্ছবি প্রতিফলিত হ’ব বুলি কৈ সম্পাদক বৰাই সংবাদ মেলৰ যোগেদি অধিৱেশনলৈ এগৰাকী ভকত তথা ধর্মপ্রাণ ব্যক্তি হিচাপে সকলোকে নিমন্ত্রণ জনায়৷ লগতে অধিৱেশনলৈ মুখ্যমন্ত্রী আহিব বুলি কৈ উপ–ৰাষ্ট্রপতিৰ কার্যসূচী বাতিল হৈছে বুলিও সদৰী কৰে৷ ইপিনে, ৰাজনৈতিক নেতাক নিমন্ত্রণ কৰাৰ বিষয়টোক লৈ সৰৱ চর্চা চলি থকাৰ মাজতে সংবাদ মেলত অংশগ্রহণ কৰি সংঘৰ সমন্বয়ক পৱিত্রপ্রাণ বৰাই শ্রীমন্ত শংকৰদেৱ সংঘ এক গণতান্ত্রিক অনুষ্ঠান৷ গতিকে ধর্মপ্রাণ ব্যক্তি হিচাপে জাতি–ধর্ম নির্বিশেষে সংঘৰ অধিৱেশনত সকলোৱে অংশগ্রহণ কৰিব পাৰে বুলি এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷

উল্লেখ্য যে ধর্মীয় আৰু সাংস্কৃতিক ১৬ কিলোমিটাৰৰ শোভাযাত্রাত দেৰগাঁৱৰ ধর্মপ্রাণ ব্যক্তি ৰাজুমণি হুছেইনে দান কৰা এখন ট্রাকত সজাই তোলা শংখ ৰথেও সকলোৰে দৃষ্টি আকর্ষণ কৰিব৷ ১,৮০০ বিঘা ভূমি আগুৰি থকা বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রখন নিতৌ চলি থকা জগত গুৰুৰ জয়ধ্বনি, হৰিনামৰ অমৃত ৰসেৰে বুৰ গৈছে৷ ৩০ লক্ষাধিক ভকত–বৈষ্ণৱ, পর্যটক আহিব লগা সংঘৰ ৮৯সংখ্যক অধিৱেশনস্থলী দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ব৷

You might also like