নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰ : দীৰ্ঘদিনৰে পৰা শুৱালকুছিৰ পাট মুগাৰ কাপোৰ বুলি বহিঃৰাজ্যৰ কাপোৰ বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি পাঠশালাৰ শুৱালকুছি তাঁতঘৰ আৰু মানিকচান্দ জুৱেলাৰ্চ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান উত্তাল কৰি তোলে শুৱালকুছিৰ একাংশ শিপিনীয়ে৷ দীৰ্ঘদিনে বহিঃৰাজ্যৰ কাপোৰকে শুৱালকুছিৰ কাপোৰ বুলি বিক্রীৰে গ্ৰাহকক প্ৰৱঞ্চনাৰ অভিযোগ কৰি প্ৰতিষ্ঠানখনৰ স্বতাধিকাৰী জনৈক তালুকদাৰৰ বিৰুদ্ধে ৰুদ্ৰমুৰ্তি ধাৰণ কৰে শুৱালকুছিৰ পৰা অহা বহু সংখ্যক শিপিনীয়ে৷ স্মৰ্তব্য যে পাট মুগা কাপোৰৰ বাবে বিখ্যাত শুৱালকুছিৰ কাপোৰ বুলি প্ৰতিষ্ঠানখনে কিছুদিন পূৰ্বে নকল শুৱালকুছিৰ কাপোৰ বিক্ৰী কৰিছিল বজালীৰ সৰুপেটাৰ এগৰাকী মহিলাৰ ওচৰত৷ কিন্তু মহিলাগৰাকীৰ কাপোৰ দুদিনতে ফাটি যোৱাত তেওঁ কাষ চাপিছিল শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ৷ ইয়াৰ পাছতে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰু পূৰ্বৰে পৰা গ্ৰাহকক প্ৰৱঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপন হৈ অহা পাঠশালাস্থিত শুৱালকুছি তাঁতঘৰ আৰু মানিকচান্দ জুৱেলাৰ্চ নামৰ প্ৰতিষ্ঠানখনত আজি শুৱালকুছিৰ পৰা শতাধিক পুৰুষ মহিলা শিপিনী আহি দোকানখন ঘেৰাও কৰি বিভিন্ন ধ্বনিৰে পৰিবেশ উত্তপ্ত কৰি তোলে। পিছত বজালীৰ উপ-আৰক্ষী অধীক্ষক পুষ্কল গগৈ আৰু পাঠশালা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দোকানখন ছীল কৰি স্বত্বাধিকাৰী অজিত তালুকদাৰক সোধা-পোচাৰ কাৰণে পাঠশালা আৰক্ষীলৈ লৈ যায়। অৱশ্যে স্বত্বাধিকাৰী তালুকদাৰে শুৱালকুছিৰ পাট মুগাৰ কাপোৰ বুলি বহিঃৰাজ্যৰ কাপোৰ বিক্ৰী নকৰা বুলি সদৰী কৰি বেনাৰসী কাপোৰ বেনাৰসী বুলিয়েই বিক্ৰী কৰা বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে পাঠশালাৰ অকল এইখন কাপোৰৰ দোকানেই নহয় আন একাংশ তাত কাপোৰৰ দোকানীও দীৰ্ঘদিন ধৰি এনেদৰে গ্ৰাহকক ঠগাই থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এই ঘটনাৰ পিছতে একেলগে জাঙুৰ খাই উঠিছে শুৱালকুছিৰ একাংশ সচেতন যুৱক৷ এনে এক প্ৰেক্ষপটতে শুৱালকুছিৰ হলমাৰ্ক থকা বস্ত্ৰহে অসমবাসীক কিনাৰ বাবে তেওঁলোকে আহ্বান জনাইছে৷ বিশেষকৈ প্ৰকৃত পাটৰ কাপোৰ হয় নে নহয় সেয়া পৰীক্ষাৰ বাবে গ্ৰাহকসকলক WhatsApp যোগে 9394552449 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে পাঠশালাত নকল কাপোৰক কেন্দ্ৰ কৰি আজি সন্ধিয়াও এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাঠশালা নগৰৰ মাজমজিয়াত শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিৰ সতে স্থানীয় ব্যৱসায়ীৰ সংঘাতত পুনৰ পৰিৱেশ উত্তপ্ত হৈ পৰে৷ আজি সন্ধিয়া পাঠশালাৰ কলেজ ৰোডৰ আন এখন দোকানত সমিতিৰ লোকে গোহাৰি পত্ৰ বিতৰণ কৰিবলৈ যাওঁতে আৰু নকল পাট কাপোৰৰ বিক্ৰী বন্ধ কৰাৰ নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় দুই পক্ষৰ মাজত সংঘাত৷ যাৰ পৰিণতিত উত্তেজিত ৰাইজৰ একাংশই সমিতিৰ এজন লোকক শাৰীৰিকভাৱে আক্ৰমণো কৰে৷ লোকজনে উত্তেজিত ৰাইজৰ ৰোষৰ পৰা সাৰিবলৈ দৌৰি গৈ বোৱাৰী নামৰ এখন কাপোৰৰ দোকানত আশ্ৰয় লয়৷ ইয়াৰ পিছতে ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ সমিতিৰ তিনিজন লোকক উদ্ধাৰ কৰি পাঠশালা আৰক্ষী চকীলৈ লৈ যায়৷ শুৱালকুছিৰ তাঁত শিল্প উন্নয়ন সমিতিৰ লোকসকলে গোহাৰি বিতৰণৰ সময়ত পাঠশালাৰ ব্যৱসায়ীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ বাবেই ৰাইজ উত্তেজিত হৈ পৰা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে পাঠশালাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া বেনাৰসী কাপোৰ উভয়নদী হৈ পৰিছে৷ এনে এক প্ৰেক্ষাপটতে যদি সচা অৰ্থত শুৱালকুছিৰ এই বস্ত্ৰ উদ্যোগ জীয়াই ৰাখিব লাগে তেন্তে বহিঃৰাজ্যৰ পৰা অহা এই কাপোৰ চৰকাৰে বন্ধ কৰিব লাগিব বুলি সচেতন মহলে আলোচনা কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা