বিশেষ বাৰ্তা, ১ ডিচেম্বৰঃ কোনো সমাধানৰ সূত্ৰ নোলাল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতিৰ দীঘলীয়া বৈঠকত।কোনো সিদ্ধান্তই গ্ৰহন কৰিব নোৱাৰিলে সমিতিয়ে। বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জৰিত বুলি অভিযোগ উঠা ছাত্ৰ সকলক আজি দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে সমিতিৰ আগত ভাষ্য প্ৰদানৰ বাবে কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু আজিৰ এই ভাষ্যদানত কেৱল পাঁচগৰাকী ছাত্ৰই নিজৰ ভাষ্য প্ৰদান কৰে। অৱশ্যে ইয়াৰে ৪গৰাকী ছাত্ৰই ভাৰ্চুৱেলী (অনলাইন) আৰু এজনে সোঁ-শৰীৰে উপস্থিত থাকে। উল্লেখ্য যে স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰায়ো ভাৰ্চুৱেলী ভাষ্যদানত অংশগ্ৰহণ কৰে সমিতিৰ বৈঠকত। কাইলৈ পুনৰ দিনৰ ১১ বজাৰ পৰা হব লগা ভাষ্যদান বৈঠকত ৬জন অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যেই তলৱ কৰিছে বিশ্ববিদ্যালয় কতৃপক্ষই। প্ৰায় ১০ ঘণ্টাৰ আজিৰ বৈঠকত নহল কোনো সিদ্ধান্ত। সেয়ে পুনৰ কাইলে অনুষ্ঠিত হব বৈঠক। আজি ১১গৰাকী অভিযুক্ত ছাত্ৰক বৈঠকত উপস্থিত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছিল এন্টি ৰেগিং সমিতিয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবি হোষ্টেলত যোৱা ২৭ নৱেম্বৰৰ পুৱতি নিশা পৰ্যন্ত সংঘটিত ভয়ংকৰ ৰেগিং ঘটনাৰ সন্দৰ্ভত কালিলৈ অনুষ্ঠিত হব লগা এণ্টি ৰেগিং সমিতিয়ে চুড়ান্ত সিদ্ধান্ত লোৱাৰ কথা। ইতিমধ্যে চাৰিজন অভিযুক্তক বিশ্ববিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ লগতে আগন্তুক তিনি বছৰৰ বাবে দেশৰ কোনো শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিব নোৱাৰাৰ এই ঐতিহাসিক নিৰ্দেশনা ইতিমধ্যেই জাৰি কৰিছে। তদুপৰি ৰেগিংৰ ঘটনাৰ সৈতে জৰিত ১৮জন ছাত্ৰক ইতিমধ্যে ছাত্ৰাবাসৰ পৰা বহিস্কাৰ কৰিছে বিশ্ববিদ্যালয় কতৃপক্ষই।
প্ৰেৰক বিভাস দুৱৰা