যান–বাহন আইন উলংঘাকাৰী চালকক জৰিমনা
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজ্যত নতুন যান–বাহন আইন প্রযোজ্য হোৱাৰ পিছতো এতিয়াও সজাগ হোৱা নাই একাংশ চালক৷ হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলোৱা আৰু ছিট বেল্ট নলগোৱাকৈ গাড়ী চলোৱাটো একাংশৰ বাবে চখত পৰিণত হৈছে৷ যান–বাহন আইন ভংগ কৰা তেনে একাংশ লোকৰ বিৰুদ্ধে ছয়মাইলত সোমবাৰে হঠাৎ কামৰূপ জিলা পৰিবহণ বিভাগে চলায় জোৰদাৰ অভিযান৷ এই অভিযানত হেলমেট পৰিধান নকৰা আৰু ছিট বেল্ট নলগোৱাসকলক ১,০০০ টকাকৈ জৰিমনা বিহে পৰিবহণ বিভাগে৷ সমান্তৰালভাৱে প্রতিখন বাহনৰ কাগজ–পত্র তন্নতন্নকৈ পৰীক্ষা কৰে এমভিআই আৰু এনফ’চমেণ্ট বিষয়াসকলে৷ ইফালে, পৰিবহণ বিভাগক বিগত ৫ বছৰ ধৰি গাড়ীৰ কৰফাঁকি দি অহা একাংশকো জৰিমনা বিহে বিভাগটোৱে৷ মাত্র ৩ ঘণ্টাৰ ভিতৰতে লক্ষাধিক টকাৰ জৰিমনা সংগ্রহ কৰিবলৈ সক্ষম হয় কামৰূপ জিলা পৰিবহণ বিভাগে৷ উল্লেখ্য যে এই অভিযানৰ মাজতে ৰাইজক নতুন যান–বাহন আইন মানি চলিবলৈ আহ্বান জনায় এমভিআই কানাই কৃষ্ণ মহন্তই৷ ইপিনে, বাহনত ক’লা গ্লাছ ব্যৱহাৰ কৰাৰ বিৰুদ্ধেও আজি খানাপাৰা ফার্ম গেটত পৰিবহণ বিভাগে অভিযান চলায়৷ এই অভিযানত ক’লা প্লাষ্টিক ব্যৱহাৰ কৰা বাহনৰ প্লাষ্টিক এৰুৱাই দিয়াৰ লগতে বাহনৰ গৰাকীক জৰিমনা বিহে৷ অভিযানকালত পৰিবহণ বিভাগৰ দলটোৱে ২০খনকৈ বাহনৰ গৰাকীক জৰিমনা বিহা বুলি জানিব পৰা গৈছে৷