নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখনিদ্ৰাত কৃষি বিভাগ: বহিঃৰাজ্যৰ বীজ আৰু সাৰে ৰাজ্যৰ কৃষি খণ্ডলৈ কঢ়িয়াইছে অশনি সংকেত

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ: কৃষি খণ্ডত ব্যাপক উন্নতি হোৱা বুলি ৰাজ্যৰ কৃষি বিভাগে দাৱী কৰিলেও বাস্তৱত প্ৰত্যক্ষিত হৈছে এক বিপৰীত দৃশ্য৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ল’গতে ধুবুৰীতো বহুল ভাৱে প্ৰচলিত হ’বলৈ লৈছে বহিঃৰাজ্যৰ বীজ আৰু সাৰ৷ উল্লেখনীয় যে, বহিঃৰাজ্যৰেই নহয়; দীৰ্ঘদিনৰ পৰাই ধুবুৰীকে ধৰি নামনি অসমত বাংলাদেশী সাৰ–বীজৰ এক বৃহৎ কলা বজাৰ গঢ়ি উঠাৰ সন্দেহ উত্থাপিত কৰি অহা পোৱা গৈছে স্থানীয় মহল একাংশই। উদাহৰণ স্বৰূপে, সীমান্ত সুৰক্ষা বাহিনীয়ে মাজে সময়ে ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তত বাংলাদেশী সাৰ–বীজ জব্দ কৰাৰ ঘটনাই সেয়া প্ৰতিস্ফূটিত কৰা বুলিও আঙুলীয়াই দিছে সেই সকলে। আনকি ধুবুৰীৰ পথে–ঘাটেও বৰ্তমানে মুলিকৈ বিক্ৰী হ’বলৈ লোৱা চুবুৰীয়া পশ্চিমবংগৰ সাৰ–বীজৰ পেকেটসমূহ দৰাচলতে ভাৰতীয় নে বাংলাদেশৰ পৰা আনি সেয়া নতুনকৈ পেকেটিং কৰি বিক্ৰী কৰি থকা হৈছে সেয়ালৈও সন্দেহৰ অৱকাশ থকা বুলিও মত পোষণ কৰা পোৱা গৈছে একাংশই।

এক সূত্ৰই সদৰি কৰা অনুসৰি, বৰ্তমানে বহিঃৰাজ্যৰ সাৰ আৰু বীজৰ বজাৰখন ধুবুৰীৰ পৰা বৰপেটা ৰোড লৈকে বিস্তৃত এক কেইবা কোটিটকীয়া উদ্যোগত পৰিণত হৈছে। পিছে ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলিকৈ বিক্ৰী হৈ থকা পশ্চিমবংগৰ সেই সাৰ–বীজবোৰৰ গুণগত মান নিৰূপণ কৰাৰ বাবে কৃষি বিভাগে কিন্তু আজিলৈ একো পদক্ষেপ লোৱা দেখা নাই ৰাইজ আৰু কৃষকে। গুৰুত্বপূৰ্ণ দিশ কিন্তু এয়াও যে, বহিঃৰাজ্যৰ বহুল ভাৱে প্ৰচলিত সাৰ, ভিটামিন আৰু ৰাসায়নিক দ্ৰৱ্যবোৰ মানহ দেহৰ ক্ষতিকাৰক হয় নে নহয় সেই সন্দৰ্ভে কোনো নিৰ্দিষ্ট তথ্য নাই কৃষি বিভাগৰ হাতত৷ আনকি সেই বীজ, বিভিন্ন ধৰণৰ সাৰ আৰু ভিটামিনৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা হ্ৰাস কৰাৰ সম্ভাৱনা আছে নে নাই সেই বিশেষ দিশটোৰ প্ৰতিও বিভাগটোৱে উদাসীনতা অৱলম্বন কৰা বুলিয়েই চৰ্চিত। সেয়ে কৃষি বিভাগে বিষয়টো লৈ যথাযথ পদক্ষেপ লোৱাৰ প্ৰয়োজনিয়তা থকা বুলি উচ্চাৰিত হৈছে। অন্যথা কোনো ধৰণৰ গুণগত মান পৰীক্ষা অৱিহনে বহিঃৰাজ্যৰ সাৰ আৰু বীজৰ বহুল প্ৰচলনে আগত সময়ত ৰাজ্যৰ কৃষি খণ্ডলৈ অশনি সংকেত কঢ়িয়াই অনাৰ আশংকাৰ পূৰ্ণ সম্ভাৱনা থকা বুলিয়েই মত প্ৰকাশ কৰিছে অভিজ্ঞসকলে৷

 

ধুবুৰীৰ পৰা অমিতাভ চক্ৰৱৰ্তী 

You might also like