নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ কালাইন লক্ষীপুৰ জিপি এলেকাৰ দ্বিতীয় খন্ডত এটা ইটাভাতাৰ চিমনি ভাঙি দুই শিশু শ্রমিকসহ ৪জন শ্ৰমিকৰ মৃত্যু হৈছে। শিশু শ্রমিকৰ নাম আবু ছুফিয়ান (১২) আৰু ৰাহাত আৰফান (১২) । অইন দুগৰাকী হ’ল চুনীলাল পাছোৱান আৰু মেদিনী পাছোৱান। এওঁলোক দুজন পিতা পুত্ৰ। ইয়াৰ উপৰি কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ লগতে বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আজি বিয়লি প্ৰায় ৪ বজাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, কালাইন আজমৰা গাঁৱৰ নিবাসী আলতাফ হোছেইনৰ মালিকানাধীন ইটাভাতাৰ শ্ৰমিকসকলে কামত নিয়োজিত হৈ থকাৰ সময়তে হঠাতে ইটাভাতাৰ চিমনি ভাঙি যায়। দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় শিশু শ্রমিক আবু ছুফিয়ান (১২) আৰু ৰাহাত আৰফান (১২)। ইপিনে শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় আন দুজনৰ। ইয়াৰ উপৰি ১০জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজে আহত আৰু মৃতকক উদ্ধাৰ কৰি ততাতৈয়াকৈ কালাইন চিকিৎসালয়ত ভৰ্তি কৰে। কালাইন চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত ডাঃ সৌমেন ভৌমিকে জানিবলৈ দিয়া মতে, চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসকে প্ৰথম চিকিৎসাৰ অন্তত দুজন লোকক মৃত ঘোষণা কৰি আন ১০জন শ্ৰমিকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। তদুপৰি ডাঃ ভৌমিকে কয় যে গুৰুতৰভাৱে আহত ১০জন শ্ৰমিকৰ ভিতৰত ৪/৫ শ্ৰমিকৰ অৱস্থা অতি সংকটজনক। শিলচৰ মেডিকেল কলেজ হাস্পতালত অনা দুজন শ্ৰমিকৰ মৃত্যু হয়। ইফালে কাটিগড়াৰ বিধায়ক খলিল উদ্দিন মজুমদাৰে এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ পাই লগে লগে ঘটনাস্থলীত উপস্থিত হয়। তদুপৰি বিধায়ক মজুমদাৰে চিকিৎসাধীন হৈ থকা আহতসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণকে ধৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ইফালে এই মৰ্মান্তিক দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে কালাইন অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে শোকৰ ছাঁ পৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ