ঈশান–ইৱনৰ আত্মাৰ সদ্গতি কামনাৰে শতাধিকৰ প্রার্থনা
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ বেলতলাৰ ১নং বশিষ্ঠপুৰ উপপথত যোৱা ২৩ জানুৱাৰীৰ দিনা অপ্রত্যাশিতভাৱে অগ্নিকাণ্ডত হৈ অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱা দুই কণমানি ক্রমে ঈশান গোস্বামী আৰু ইৱন গোস্বামীক কালি শতাধিক লোকে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ৱাৰলেছৰ বাসগৃহত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰা লোকসকলে দেৱশিশু দুটিৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে প্রার্থনা জনায়৷ ৱাৰলেছৰ বাসগৃহত সোমবাৰে বহু লোকে উপস্থিত হৈ কণমানি শিশু দুটিৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি অর্পণ কৰে৷ উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীৰ দুপৰীয়া ৱাৰলেছৰ বাসগৃহত সংঘটিত হোৱা বিধ্বংসী অগ্ণিকাণ্ডত তুষাৰ গোস্বামী আৰু শিল্পী গোস্বামীৰ দুই পুত্রই জীৱন্তে অগ্নিকাণ্ডত হৈ মৃত্যুমুখত পৰে৷ অগ্নিকাণ্ডত প্রাণ হেৰুওৱা ৮ বছৰীয়া ঈশান আৰু ৪ বছৰীয়া ইৱনৰ মৃত্যুত সমগ্র ৰাজ্যবাসীয়ে গভীৰ শোক প্রকাশ কৰাৰ লগতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ তদুপৰি মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত অগ্নিকাণ্ডত প্রাণ হেৰুওৱা কণমানি দুটিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ ইপিনে, ৱাৰলেছৰ বাসগৃহত বিভিন্ন প্রান্তৰ লোক উপস্থিত হৈ ঈশান আৰু ইৱনৰ প্রতিচ্ছবিত মাল্যার্পণ কৰে৷ কণমানি শিশু দুটিৰ মৃত্যুৰ পাছতে ৱাৰলেছৰ বাসগৃহত ৰাজ্যৰ মুখ্যমন্ত্রীসহ বিভিন্ন দল–সংগঠনৰ লোক উপস্থিত হৈ গভীৰ শোক প্রকাশ কৰে৷