নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ অধিৱেশনৰ আজি সামৰণী অনুষ্ঠানৰ কার্যসূচীসমূহ-

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ আজি পুৱাৰ ভাগত কবি সুশীল শর্মা সাহিত্য মঞ্চত বাণীকান্ত কাকতি সোঁৱৰণী সাহিত্য–সমালোচক সন্মিলন, অতুল চন্দ্র বৰুৱা মূল মঞ্চত ‘মায়াৰাম তামুলী সাংবাদিক সন্মিলন’ অৰুণোদয় আৰু লক্ষীনাথ ফুকন সাংবাদিক বঁটাৰ লগতে পৰাগ কুমাৰ দাস যুৱ সাংবাদিক বঁটা আৰু কীর্তিনাথ হাজৰিকা বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷ দিনৰ ১১ বজাত ভাষাবিদ ভগৱান মৰল মঞ্চত কনকলাল বৰুৱা সোঁৱৰণী বুৰঞ্জী সন্মিলন অনুষ্ঠিত হ’ব৷ তদুপৰি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা মঞ্চত ছামছিং হাঞ্চে সোঁৱৰণী বুৰঞ্জী সন্মিলন অনুষ্ঠিত হ’ব৷ দিনৰ ১২ বজাত কবি সুশীল শর্মা সাহিত্য হাস্য আৰু ফণী তালুকদাৰ–ডলী তালুকদাৰ হাস্যব্যংগ সাহিত্য বঁটা৷

দিনৰ এক বজাত অতুল চন্দ্র বৰুৱা মূল মঞ্চত চন্দ্রনাথ শর্মা সোঁৱৰণী যুৱ সতীর্থ সন্মিলন ‘তোৰে মোৰে আলোকৰে যাত্রা’৷ বিয়লি ২ বজাত কবি সুশীল শর্মা সাহিত্য মঞ্চত ড০ জ্যোতিপ্রসাদ মেধি সোঁৱৰণী অসমীয়া বিজ্ঞান সাহিত্য সন্মিলন আৰু অনিল শর্মা বঁটা প্রদান অনুষ্ঠিত হ’ব৷

আনহাতে, দুই ভাষাবিদ ড০ ভগৱান মৰল মঞ্চত কৃষ্ণকান্ত সন্দিকৈ সোঁৱৰণী অনুবাদক সন্মিলন আৰু বিশেষ অনুবাদ সন্মান অনুষ্ঠান৷ বিয়লি তিনি বজাত কবি সুশীল শর্মা সাহিত্য মঞ্চত অসম সাহিত্য সভাৰ সেউজ যাত্রাৰ বিশেষ অনুষ্ঠান৷ আৰু সন্ধিয়া ৬ বজাত অতুল চন্দ্র বৰুৱা মূল মঞ্চত অনুষ্ঠিত হ’ব বর্ণাঢ়্য সাংস্কৃতিক অনুষ্ঠান৷ বিহুনৃত্য, লোকনৃত্য, কামৰূপীয়া মহ খুন্দা গীতৰ লগতে কৃষ্ণমণি নাথ, পাঞ্চুনা ৰাভা, নির্মালি দাস আৰু যুৱ প্রজন্মৰ হার্টথ্রব জুবিন গার্গে গীত পৰিৱেশন কৰিব৷

You might also like