১২ ডিচেম্বৰত মাধবদেৱ বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ৪ডিচেম্বৰ: উজনিৰ উত্তৰপাৰৰ উচ্চ শিক্ষাৰ অনন্য সংযোজন নাৰায়ণপুৰৰ মাধবদেৱ বিশ্ববিদ্যালয় পূৰ্ণতা প্ৰাপ্তিৰ দিশে আগবাঢ়িছে ৷ গুৰুজনাৰ নামেৰে স্থাপিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ তথা শৈক্ষিক ভৱনৰ আধাৰশিলা অহা ১২ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ’ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ২.০’ৰ অধীনত মাধৱদেৱ বিশ্ববিদ্যালয়ত ইতিমধ্যে নিৰ্মাণ কৰা ভৱন সমূহ উদ্বোধন কৰিব ৷ শিক্ষা তথা ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডা° ৰণোজ পেগুৱে নাৰায়ণপুৰত অনুষ্ঠিত হ’বলগীয়া আধাৰশিলা অনুষ্ঠানৰ সভাস্থলী আজি পুৱা পৰিদৰ্শন কৰি কামকাজৰ অগ্ৰগতিৰ বুজ লয় ৷ স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞা , লখিমপুৰৰ উপায়ুক্ত সুমিত সত্তৱান , আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা , মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ ডেকা আৰু পঞ্জীয়ক ড° শৰৎ হাজৰিকাই মন্ত্ৰীগৰাকীক সংগ দিয়ে ৷ ২০১৯ চনত প্ৰতিষ্ঠিত ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত দিনাই অসমীয়া , ইংৰাজী , অৰ্থনীতি , ৰাজনীতি বিজ্ঞান, ৰসায়ন বিজ্ঞান , প্ৰাণী বিজ্ঞান , উদ্ভিদ বিজ্ঞান আদি কলা আৰু বিজ্ঞানৰ সাতটা বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদানৰো শুভাৰম্ভ কৰিব ৷ উল্লেখ্য যে পূৰ্বৰ মাধৱদেৱ মহাবিদ্যালয়ৰ কাষতে থকা ৰেচম বিভাগে ইতিমধ্যে হস্তান্তৰ কৰা ৫৫ বিঘা সহিত মুঠ ১২০ বিঘা ভূমিত ২০১৭ চনত ঘোষিত বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰা হ’ব ৷