বিশেষ বাৰ্তা, ৬ ডিচেম্বৰ : অসামৰিক প্ৰতিৰক্ষা, তিনিচুকীয়াৰ উদ্যোগত আজি ‘All India Civil Defence and Home guadrs Day ‘ উদযাপন কৰা হয়। সেই উপলক্ষে কাৰ্যালয় প্ৰাংগণত পুৱা পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত উপ নিয়ন্ত্ৰক ৰূপান্ত সোনোৱালে। তাৰ পিছত কেক কটা পৰ্ব অনুষ্ঠিত হয়। চাফাই অভিযানৰ পিছত স্বেচ্ছাসেৱকসকলৰ মাজত মনোৰঞ্জনমূলক প্ৰীতি খেল ধেমালি অনুষ্ঠিত কৰা হয়। ভাৰপ্ৰাপ্ত উপ নিয়ন্ত্ৰক ৰূপান্ত সোনোৱালে অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পিছতে গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তিনিচুকীয়াৰ নিজা কাৰ্যালয়ত ভাৰপ্ৰাপ্ত উপ নিয়ন্ত্ৰক ৰূপান্ত সোনোৱাল আৰু ডেপুটী চীফ ৱাৰ্ডেন মনোৰঞ্জন মৰাণে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতে তিনিচুকীয়া জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গন আৰু তিনিচুকীয়া চৰকাৰী বয়জ আই টি আইত গছপুলি ৰোপণ কৰা হয়। ডিটিঅ কাৰ্যালয়ত গৃহৰক্ষী জোৱান সকলে আৰু আই টি আইত ভাৰপ্ৰাপ্ত অধ্যক্ষ মণিৰাম দাস আৰু প্ৰশিক্ষক অপূৰ্ব বৈশ্যই সহযোগিতা কৰে। আনহাতে, গছপুলি ৰূপনৰ পিছত পুনৰ কাৰ্যালয়ত প্ৰীতি ধেমালি অনুষ্ঠিত হয়। অনুষ্ঠানত স্থানীয় ছাত্ৰী নয়নতৰা কেউট আৰু তৃষ্ণা বৰ্মনে সাংস্কৃতিক নৃত্য-গীত পৰিবেশন কৰে। আজিৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক ক্ৰমে প্ৰভাত বাৰ্মা, ধীৰাজ মিশ্ৰ, ৰাজেন্দ্ৰ বাৰ্মা,কৌশিক হাজৰিকা, সুৰজ সোণোৱাল, হেমাঙ্গ গগৈ, বিপ্লৱ দাস, দীপু হাজৰিকা, অমৰ চাউৰা, পিংকি দাস, চিন্টু নেওগ, সৌৰভজ্যোতি হাজৰিকা, প্ৰণবজ্যোতি বৰুৱা, ইনামূল আলি, বিজয় গঞ্জু, প্ৰিয়াংচি গগৈ, চুলেখা ভেংৰা, পংকজ নায়ক আদিৰ উপৰি ‘All India Civil Defence and Home guadrs Day’ৰ কাৰ্যসূচীত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, স্থানীয় লোকসকলেও অংশগ্ৰহণ কৰে।
প্ৰেৰক বিবেক বড়া