নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটৰ গৰাহত পৰিভ্ৰমী চৰাইৰ স্বৰ্গভূমি পৃথিৱী বিখ্যাত মতাপুং-মাগুৰি বিল!

  • চৰকাৰৰ মাহী আইৰ দৃষ্টি তিনিচুকীয়াৰ পৃথিৱী বিখ্যাত মতাপুং-মাগুৰি বিললৈ
নিয়মীয়াবাৰ্তা,  ৯  ডিচেম্বৰ: প্ৰকৃতিৰ মনোমোহা অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ তিনিচুকীয়া জিলাৰ সদৰৰ নিচেই ওচৰৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ-পূব দিশত থকা বাৰেকুৰিৰ পুৰণি মতাপুং গাঁৱৰ কাষত আছে মতাপুং-মাগুৰি বিল। প্ৰচুৰ পৰিমাণৰ মাছ পুঠিৰে পৰিপূৰ্ণ এই বিলখন। কিন্তু, উল্লেখযোগ্য যে বৰ্তমানেও চৰকাৰী আঁচনিৰ আওতাৰ বাহিৰত এই পৃথিৱী বিখ্যাত বিলখন। পৰ্যটনৰ সম্ভাৱনীয়তাৰ লগতে প্ৰচুৰ মাছ পুঠিৰে পৰিপূৰ্ণ এই বিলখনৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে চৰকাৰে এতিয়াও গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা।  কেৱল পৰ্যটকৰ সুবিধাৰ বাবে  আগবাঢ়ি অহা  উদীয়মান  যুৱক টুৰিষ্ট গাইড সকলক লাইন্সেছ প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে। বিলখনত কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা নথকাৰ ফলত বিশ্ব বিখ্যাত পৰিভ্ৰমী চৰাই  দুষ্কৃতিকাৰী কৱলত পৰিছে।  মাছ পুঠিও অবাধে মৰা ফলত জৈৱ বৈচিত্ৰ্যতো প্ৰভাৱ পৰে। প্ৰাপ্ত তথ্য অনুসৰি  গাঁৱৰ সজাগ এচাম ৰাইজৰ লগতে প্ৰকৃতিপ্ৰমীসকলে বৰ্তমান নিঃস্বাৰ্থ ৰূপত  বিলখনৰ সুৰক্ষা সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে। বিলখনৰ সুৰক্ষা, জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও জানিব পৰা গৈছে ।
   লগতে  বিগত তিনি চাৰিবছৰ আগলৈকে পাঁচ-ছয়হেজাৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী হাঁহ দেখিবলৈ পোৱা বিলখনত এতিয়া বৃহৎ পৰিমাণৰ হাঁহ দেখিবলৈ পোৱাতো বিৰল হৈ পৰিছে।  সমগ্ৰ বিলখন মেটেকাৰ পৰিপূৰ্ণ হৈ পৰিছে। এই মেটেকা পৰিষ্কাৰো একো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে। উল্লেখযোগ্য যে বিলখনৰ চাৰিওকাষে থকা  গাঁৱসমূহৰ প্ৰায় ২০% লোক নিজৰ জীৱন নিৰ্বাহৰ বাবে পোনপটীয়াকৈ এই মাগুৰি বিলৰ ওপৰতে নিৰ্ভৰশীল। এই লোকসকলে বিলৰ মাছ পুঠি মাৰি বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহ পাল দি আহিছে। চৰকাৰৰ তৰফৰ পৰা বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰত এই লোকসকলৰ ভূমিকা আৰু সজাগতা সৃষ্টিৰ বাবেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া,  ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন’ছ বাবলাৰ ,ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা  এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ  চাবলৈ দেশী বিদেশী পক্ষী নিৰীক্ষকসকল ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে  জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ  পৰা আহি ইয়াত উপস্থিত হয়। উল্লেখযোগ্য যে এই ঘাঁহনিত পোৱা চৰাই সমূহ পৃথিৱীৰ আৰু কতো পোৱা নাযায়।  কিন্তু, বাঘজান আইল খাদ লগতে অইল ইণ্ডিয়া লিমিটেডৰ খনন কাৰ্যই এই জৈৱ বৈচিত্ৰ্যৰে  চহকী বিলখনৰ প্ৰতি প্ৰচুৰ ভাবুকি কঢ়িয়াই আনিছে। বিগত বছৰসমূহতকৈ প্ৰায় ৮০% চৰাই কম হোৱা দেখা পোৱা যোৱাটো দুখজনক বিষয়।  এক প্ৰকাৰৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে এই পৰিভ্ৰমী চৰাই-হাঁহৰ স্বৰ্গভূমি মাগুৰি বিলখনৰ।
এনে এখন বিলৰ প্ৰতি চৰকাৰৰ এনে অনীহা যথেষ্ট চিন্তনীয়। অইল ইণ্ডিয়া লিমিটেডক মাগুৰি বিলৰ আশে পাশে খনন কাৰ্য চলাব লৈ অনুমতি দিয়াটো শাসিত চৰকাৰখনৰ এক ৰহস্যজনক ভূমিকা।  মাগুৰি মতাপুং বিলখনক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সমূহ এতিয়া এক প্ৰকাৰৰ বন্ধ হৈ পৰিছে। পৰ্য্যটকৰ সুবিধাৰ বাবে বিলখনৰ আশে পাশে গঢ় লৈ উঠা তথা আজিৰ পৰা প্ৰায় তিনি-চাৰি বছৰ পূৰ্বে পৰ্য্যটকেৰে ভৰি থকা কটেজ আৰু ল’জ সমূহ এতিয়া পৰ্যটকৰ অভাৱত বন্ধ হবলৈ ধৰিছে। টুৰিষ্ট গাইড ৰূপে নিজকে আত্ম সংস্থাপন দিয়া যুৱক যুৱতী সকল পুনৰ নিবনুৱা হৈ পৰিছে। ইয়াৰ একমাত্ৰ কাৰণ হৈছে বিলখনৰ প্ৰতি চৰকাৰৰ মাহী আইৰ দৃষ্টি। পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ যোগেৰে এক সুন্দৰ পৰ্যটনৰ   সম্ভাৱনীয়তা থকা মাগুৰি মতাপুং বিল এতিয়া সংকটৰ গৰাহত। এই বিলখনৰ সংৰক্ষণ বাবে জিলাখনৰ জাতীয় দল সংগঠন সমূহ আৰু পৰিবেশ কৰ্মী সকলৰ  ভূমিকা যথেষ্ট দৰকাৰী। আপুৰুগীয়া এই পৰিভ্ৰমী হাঁহ আৰু চৰাই সমূহৰ অস্তিত্ব ৰক্ষা আৰু   মাগুৰি মতাপুং বিলখন সংৰক্ষণৰ বাবে চৰকাৰখনে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী হৈ পৰিছে।
প্ৰেৰক: সুৰজ দাস, তিনিচুকীয়া
You might also like