নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ধুবুৰী পৌৰসভা এলেকাত স্বচ্ছ ভাৰত আঁচনিখন বাস্তৱত এক প্ৰহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে। চহৰখনৰ বিভিন্ন অঞ্চলৰ পথৰ দাঁতি জাবৰ–জোঁথৰেৰে পৰিপূৰ্ণ হৈ থকা দৃশ্যমান হোৱাটো বৰ্তমানে এক স্বাভাৱিক পৰিঘটনাত পৰিণত হৈছে। মূলতঃ চহৰখনৰ একাংশ লোকৰ নিজ গৃহৰ জাবৰ–জোথৰ আনি ৰাজপথত পেলোৱাটো এক অভ্যাসত পৰিণত হোৱাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিয়েই সচেতন ৰাইজৰ মুখত উচ্চাৰিত হৈছে। আনকি চহৰখনৰ ১নং ৱাৰ্ডৰ ঐতিহ্যমণ্ডিত বি. চি. মেমোৰিয়েল গাৰ্লচ এম. ই. স্কুল নামৰ চৰকাৰী বিদ্যালয়খনৰ একাষৰ পকী বেৰৰ দাঁতিত জাৱৰ–জোঁথৰেৰে পূৰ্ণ হৈ থকাৰ ফলত বিদ্যালয়খনৰ পৰিৱেশ বিনষ্ট হোৱাৰ উপক্ৰম ঘটিছে। চহৰখনৰ এক অভিজাত অঞ্চলৰ ১৯৩৯ চনতেই স্থাপিত সেই বিদ্যালয়খনে উপায়বিহীন হৈ ‘বিদ্যালয়ৰ পৰিৱেশ নষ্ট কৰাৰ বাবে আপোনালোক সকলোকে অভিনন্দন’’ শীৰ্ষক এক ব্যাংগাত্মক; কিন্তু গভীৰ অৰ্থবহ এখন বেনাৰ লগোৱা প্ৰত্যক্ষিত গৈছে। সেই বিশেষ বেনাৰখনে ধুবুৰী চহৰক ‘‘স্বচ্ছ ভাৰত অভিযান’’ৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া বুলিয়েই চহৰখনৰ সচেতন মহলত ব্যাপক ভাৱে চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। সমান্তৰালকৈ চহৰখনৰ পৰিস্কাৰ–পৰিচ্ছন্ন কৈ ৰখাৰ দায়িত্ব পালনত ধুবুৰী পৌৰসভা কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে ব্যাৰ্থ হোৱা বুলিও উচ্চাৰিত হৈছে। ইপিনে বহু পূৰ্বেই চৰকাৰে প্ৰদান কৰা কেইবালাখ টকীয়া পেলনীয়া জাৱৰ নিষ্কাশন মেচিনটো আজিলৈ কাৰ্য্যক্ষম কৰিব নোৱাৰাটো পৌৰসভা কৰ্তৃপক্ষৰ অক্ষমতা বুলিয়েই বিবেচিত হৈছে। এনে প্ৰেক্ষাপটত, সময়ে সময়ে ধুবুৰী পৌৰসভাই ঢাক–ঢোল বজাই ৰূপায়ণ কৰা ‘‘স্বচ্ছ ভাৰত’ আঁচনিৰ বিভিন্ন কাৰ্যসূচীসমূহ দৰাচলতে এক প্ৰহসন বুলিয়েই পৰিগণিত হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী