নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য কঁপোৱা ৰেগিঙৰ পিছতে লাহোৱাল থানাত সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হোৱা ভয়াৱহ ৰেগিং কাণ্ডৰ পিছতেই যেন একপ্ৰকাৰে তৎপৰ হৈ পৰিছে জিলাখনৰ আৰক্ষী প্ৰশাসন ৷ লাহোৱাল অঞ্চলৰ দুখন অন্যতম উচ্চ শিক্ষানুষ্ঠান ডিব্ৰুগড় পলিটেকনিক আৰু লাহোৱাল মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৱাসত ৰেগিঙৰ উপৰি সম্ভাব্য যিকোনো অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্য লাহোৱাল থানাৰ সভাকক্ষত আজি এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্বল গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত লাহোৱাল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰসাদ দত্ত, বকুল পলিটেকনিকৰ অধ্যক্ষ প্ৰণৱ কুমাৰ বৰঠাকুৰৰ উপৰি শিক্ষানুষ্ঠান দুখনৰ অধীনত থকা হোষ্টেলসমূহৰ ৱাৰ্ডেন আৰু ব্যক্তিগত হোষ্টেল সমূহৰ কৰ্তৃপক্ষ সমূহৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ,লাহোৱাল আঞ্চলিক সমিতিৰ বিষয় ববীয়াইও অংশগ্ৰহণ কৰে ।সভাখনিত ছাত্ৰছাত্ৰী আবাসমূহত ৰেগিঙৰ ওপৰিও সংঘটিত হ’ব পৰা যিকোনো ঘটনাৰ পৰা যাতে ছাত্ৰ -ছাত্ৰীসকল নিৰাপদে থকাৰ ক্ষেত্ৰত কৰ্তৃপক্ষ আৰু হোষ্টেল ৱাৰ্ডেনে এতিয়াৰ পৰা ভিন্ন ব্যৱস্থা গ্ৰহণ কৰে তাৰবাবে আলোচনা কৰা হয় ৷ এতিয়াৰে পৰা লাহোৱাল অঞ্চলত অৱস্থিত এই দুখনকৈ উচ্চশিক্ষানুষ্ঠানৰ ছাত্ৰাবাসত থকা কোনো ছাত্ৰ ছাত্ৰীয়েই ইচ্ছানুসৰি হোষ্টেলৰ পৰা বাহিৰ হ’ব নোৱাৰিব বা হোষ্টেলত প্ৰৱেশ কৰিব নোৱাৰিব। হোষ্টেলৰ পৰা কোনো ছাত্ৰছাত্ৰীয়ে বাহিৰলৈ গ’লে গ্ৰীষ্মকালত সন্ধিয়া ৬ বজা আৰু শীতকালি ৫ বজাৰ পূৰ্বেই হোষ্টেলত প্ৰৱেশ কৰিব লাগিব। বাহিৰলৈ যোৱাৰ পূৰ্বেই হোষ্টেল কৰ্তৃপক্ষ বা ৱাৰ্ডেনৰ ওচৰত থকা পঞ্জীয়ন বহিত কেতিয়া,কাৰলগত,ক’ত গৈছে সম্পূৰ্ণ সঁচা ঠিকনা দিব লাগিব ৷ তদুপৰি হোষ্টেল ৱাৰ্ডেন আৰু ব্যক্তিগত হোষ্টেলৰ কৰ্তৃপক্ষই কিমান সংখ্যক ছাত্ৰছাত্ৰী হোষ্টেলটোৰ অধীনত আছে আৰু হোষ্টেলত থকা ছাত্ৰছাত্ৰী সকলৰ সম্পূৰ্ণ পৰিচয় পত্ৰৰ লগতে ঠিকনা লাহোৱাল থানাত জমা দিব লাগিব । বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গুটখা জাতীয় বস্তু ,মদ ,চিগাৰেট সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগিব ৷ পৰিহাৰ নকৰিলে দুয়োখন শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব । প্ৰয়োজনত আৰক্ষীৰ সহায় ল’ব । আজি অনুষ্ঠিত হোৱা এই সজাগতা সভাখনিৰ জৰিয়তে লাহোৱাল অঞ্চলত বৰ্তমান যি এক শৈক্ষিক পৰিৱেশ আছে তাতোকৈ যাতে এক সুন্দৰ শৈক্ষিক পৰিবেশে অঞ্চলতো বিৰাজমান কৰি থাকে তাৰবাবে কোনো শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ পূৰ্বেই লাহোৱাল আৰক্ষীয়ে সজাগতা সভাখনিৰ জৰিয়তে যি এক বাৰ্তা দিবলৈ পদক্ষেপ হাতত লৈছে এই পদক্ষেপক এতিয়া লাহোৱাল অঞ্চলৰ স্থানীয় ভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু সচেতন ৰাইজে একেমুখে শলাগ লৈছে বুলি জানিব পৰা গৈছে ৷

প্ৰেৰক কাঞ্চনজ্যোতি গোহাঁই

You might also like