তিতাবৰৰ বেকাজানত ৫০০ খিলঞ্জীয়া পৰিয়ালক ভূমিপট্টা বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ
- তিতাবৰ অসম-নাগালেণ্ড সীমান্তবাসী ৰাইজৰ ৫০ বছৰীয়া অপেক্ষাৰ অন্ত
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : তিতাবৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তবাসীৰ ৫০ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি ৬ খন ৰাজহ গাঁৱৰ ৫০০ টা খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা বিতৰণ কৰে। তিতাবৰ ৰাজহ চক্ৰৰ উদ্যোগত আজি পুৱা বেকাজান হাইস্কুলৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত জনসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে ভূমি পট্টা বিতৰণ কৰি কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত তিতাবৰ সমষ্টিৰ অসম-নাগালেণ্ডৰ সীমান্তবাসী ৰাইজে মাটিৰ ম্যাদি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন কাৰণত সীমান্তৰ খিলঞ্জীয়া লোকসকলে দীৰ্ঘদিন ধৰি পট্টা লাভৰ পৰা বঞ্চিত হৈ সমস্যাত ভুগি আছিল। গৌৰৱৰ কথা যে খিলঞ্জীয়া ৰাইজে আজি ভূমি অধিকাৰ লাভ কৰিলে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন কেবিনেটত খিলঞ্জীয়া লোকৰ ভূমি অধিকাৰ সুনিশ্চিত কৰিবলৈ মিছন বসুন্ধৰা আঁচনি গ্ৰহণ কৰা হৈছিল আৰু তাৰে সুফল তিতাবৰ সীমান্তবাসী ৰাইজে আজি লাভ কৰিছে। বৰ্তমান চৰকাৰে পুনৰ মিছন বসুন্ধৰা দ্বিতীয় মিছন কাম আৰম্ভ কৰিছে। পূৰ্বে চক্ৰ বিষয়া কাৰ্যালয়ত গৈ ভূমি নামজাৰি কৰিব পৰা নাছিল কিন্তু এতিয়াৰ পৰা বসুন্ধৰা পৰ্টেলৰ জৰিয়তে ভূমিহীন খিলঞ্জীয়া লোকে বছৰ বছৰ ধৰি ভোগ দখল কৰি থকা মাটি নিজৰ নামত নাম জাৰি কৰি পট্টা লাভ কৰিব পাৰিব। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এইখন চৰকাৰৰ কাৰ্যকালতে সম্পূৰ্ণ স্বচ্চতা আৰু নিকাভাৱে ভূমি আৱন্টন পত্ৰৰ জৰিয়তে পট্টা লাভ কৰিব পাৰিব। আজি বেকাজানবাসী ৰাইজৰ বাবে এক ঐতিহাসিক দিন কাৰণ ইয়াৰ ছখন ৰাজহ গাঁৱৰ ৫০০টা খিলঞ্জীয়া পৰিয়ালে মাটিৰ পট্টা লাভ কৰিছে। লগে লগে তেওঁলোক ভোগ কৰি থকা এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হল। প্ৰকৃততে ভূমিৰ অধিকাৰ নাথাকিলে নিজৰ সম্পত্তিৰ নিৰাপত্তাও নাথাকে। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মহিলাসকলৰ বিভিন্ন উন্নয়ণমূলক আঁচনি, অৰুণোদয়, অমৃত সৰোবৰ, শিক্ষাৰ্থীক স্কুটী আদিৰ সন্দৰ্ভতো আলোকপাত কৰে। বিতৰণ অনুষ্ঠানত উপস্থিত থকা যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে বৰ্তমান তিনিখন গাঁৱৰ ৫০০লোকক পট্টা দিয়া হৈছে। আৰু ১৫০০ লোকক পট্টা দিয়াৰ প্ৰক্ৰিয়া চলি আছে। তিতাবৰ সমষ্টিত মুঠ ২ হেজাৰ লোকক প্ৰথম পৰ্যায়ত ভূমি পট্টা প্ৰদান কৰিব। তিতাবৰৰ চক্ৰ বিষয়া জয়ন্ত বৰাই আঁত ধৰা সভাত তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী দেৱী হাইলিংগী, ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নগাবাট সমষ্টিৰ সদস্য বিপুল কছাৰী আদি উপস্থিত থাকে।
প্ৰতিবেদন | অজয় শইকীয়া, নগাবাট