অস্বাভাৱিক ভাৱে বৰলুইতৰ জলস্তৰ হ্ৰাস পাইছে ধুবুৰীত – বন্ধ হৈ পৰিছে বিভাগীয় ৰোপেক্স সেৱা
নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ: সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই নিজৰ এক কালজয়ী গীতত অসম আৰু অসমীয়াৰ আয়ুস ৰেখা বুলি অভিহিত কৰিছিল ব্ৰহ্মপুত্ৰক। কিন্তু শিল্পীগৰাকীৰ কেইবাটাও গীতত স্থান পোৱা মহাবাহু এতিয়া কৰুণ ৰূপ ধাৰণ কৰিছে ধুবুৰীত। ধুবুৰীৰ কাষেৰে বৈ যোৱা মহাবাহুৰ সেই বিশাল জলধাৰাৰ ঠায়ে ঠায়ে এতিয়া দৃশ্যমান হ’বলৈ লৈছে অসংখ্য বালিৰ চৰ। নদীখনৰ জলস্তৰ ঠায়ে ঠায়ে কমি লৈছে সুঁতি সদৃশ ৰূপ। ঠায়ে ঠায়ে সুঁতিৰ ৰূপ লোৱা সেই ঠাইবোৰত এতিয়া চলিছে বাহন।
উল্লেখ্য যে, এসময়ৰ ৮/১০ কিলোমিটাৰৰ বহল এই নদীখন বিগত কিছু বছৰৰ পৰা খৰালিত ঠায়ে ঠায়ে অস্বাভাৱিক ভাৱে পানীৰ প্ৰবাহ আৰু জলস্তৰ কমি অহা দৃশ্যমান হৈ আহিছে। ইপিনে বৰলুইতৰ জলস্তৰ কমি অহাৰ ফলত বিগত ১৬ নৱেম্বৰৰ পৰাই ধুবুৰীৰ পৰা জলেশ্বৰ আৰু ফকিৰগঞ্জ মাজত চলা কৰা আভ্যন্তৰিন জল পৰিবহন বিভাগৰ ৰোপেক্স জাহাজ দুখনৰ চলাচল বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে। ইপিনে নৈখনৰ ঠায়ে ঠায়ে জলস্তৰ অস্বাভাৱিক ভাৱে কমি যোৱাৰ বাবে বৰ্তমানে ধুবুৰীৰ বৰ লুইতত চলাচল কৰা যাত্ৰীবাহী ভূটভূটিবোৰ নৈখনৰে দীঘলীয়া বিকল্প পথ ব্যৱহাৰ কৰি ধুবুৰীলৈ অহাযোৱা কৰিবলগীয়া হৈছে। ফলত যাত্ৰাৰ সময় পূৰ্বৰ তুলনাত বহু বৃদ্ধি পোৱাৰ বাবে বিপাংত পৰিছে ধুবুৰীলৈ দূৰদুৰণিৰ পৰা নিতৌ অহাযোৱা কৰা বহু লোক।
ইপিনে বৰলুইতৰ জলস্তৰ এইদৰে কমি অহাৰ ফলত ধুবুৰী জিলাৰে বৈ যোৱা নৈখনৰ উপনৈসমূহৰ জলস্তৰতো প্ৰভাৱ পেলোৱাটো প্ৰায় নিশ্চিত বুলিও অনুমান কৰা হৈছে। তেনে প্ৰেক্ষাপটত, খৰালি আহিলেই এইদৰে বৰলুইতৰ জলস্তৰ ক্ৰমশঃ হ্ৰাস পাই গৈ থাকিলে এসময়ত ৰাজ্যৰ নামনিৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লাখ লাখ নৈপৰীয়া ৰাইজৰ জীৱন আৰু জীৱিকাৰ প্ৰতি সুদূৰপ্ৰসাৰী ঋণাত্মক প্ৰভাৱ পেলোৱাৰ এক আশাংকাৰো উদয় হৈছে। অৱশ্যে চীনে নিৰ্মাণ কৰা বৃহৎ বৃহৎ নদীবান্ধৰ বাবেই হওক অইন কিবা কাৰণত; কিন্তু ৰাজ্যৰ নামনিৰ এই জিলা দুখনৰ নৈপৰীয়া ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টোলৈ এক বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰয়োজনীয়তা থকা বুলি কিন্তু উচ্চাৰিত কৰা পোৱা গৈছে বহুতেই।
আলোকচিত্ৰ: ধুবুৰীৰ ইতিহাস গৰকা নেতাই ধুবুনী পাৰঘাটেৰে বৈ যোৱা বৰলুইতৰ কৰুণ ৰূপ।
প্ৰতিবেদন: অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী