উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী
নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ: এইবাৰ উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। এতিয়াৰে পৰা ৰাজপথত সতৰ্ক দৃষ্টি ৰাখিব অসম আৰক্ষীয়ে। আজি এই কথা প্ৰকাশ কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। এতিয়াৰে পৰা ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ব্যক্তিৰ বিষয়ে আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনালে জিপি সিঙে।
এক টুইট কৰি জিপি সিঙে কয়, “অসমৰ ৰাইজে নিয়মীয়াকৈ ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। Social Media প্লেটফৰ্মত এনে প্ৰদৰ্শন @assampoliceৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।”
অসমৰ ৰাইজে নিয়মীয়াকৈ ষ্টাণ্ট বাইকিংত লিপ্ত হোৱা যিকোনো ঠাই বা ব্যক্তিৰ বিষয়ে ডাইৰেক্ট মেছেজৰ জৰিয়তে অৱগত কৰিবলৈ অনুৰোধ জনোৱা হ’ল। Social Media প্লেটফৰ্মত এনে প্ৰদৰ্শন @assampolice ৰ দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনোৱা হ’ল।
— GP Singh (@gpsinghips) December 15, 2022