নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকা-ইউৰোপত চাহিদা হ্রাস ভাৰতৰ বস্ত্র আৰু পোছাকৰ

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ: গভীৰ সংকটত ভাৰতৰ বস্ত্র আৰু পোছাক উদ্যোগ৷ ক’ভিড–১৯–এ মাধমাৰ শোধোৱা ভাৰতৰ বস্ত্র উদ্যোগ পুনৰুজ্জীৱিত হ’বলৈ আগবঢ়াৰ সময়তে পুনৰ ইউক্রেইন যুদ্ধৰ ফলত সৃষ্ট আন্তর্জাতিক মুদ্রাস্ফীতি বৃদ্ধিয়ে এই উদ্যোগটোক সংকটৰ দিশে ঠেলি দিছে৷ ২০ হাজাৰ কোটি মার্কিন ডলাৰৰ ভাৰতৰ বস্ত্র আৰু পোছাক উদ্যোগটো সম্প্রতি এনে এক সংকটৰ দিশে আগবাঢ়িছে যে এনেদৰে চলি থাকিলে ২০২৩ চনৰ ভিতৰত উদ্যোগটোৰ কেইবা নিযুত কর্মচাৰীয়ে সংস্থাপন হেৰুৱাব৷ এই উদ্যোগটোত জড়িত ৪৫ নিযুততকৈ অধিক কর্মচাৰীৰ ভিতৰত অধিকাংশই সংস্থাপন হেৰুওৱাৰ দিশত৷ ইউক্রেইন যুদ্ধৰ ফলত আন্তর্জাতিক মুদ্রাস্ফীতি বৃদ্ধি পোৱাত আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপ আৰু বিশ্বৰ আন দেশত ভাৰতীয় বস্ত্রৰ গ্রাহকৰ সংখ্যা হ্রাস পাইছে৷ আমেৰিকা, ইউৰোপ আৰু বিশ্বৰ বিভিন্ন দেশত ভাৰতীয় বস্ত্রৰ বজাৰত চাহিদা নিম্নগামী হৈ পৰাত ৰপ্তানি দ্রুত গতিত হ্রাস পাইছে৷

বিগত বর্ষত ভাৰতীয় বস্ত্র উদ্যোগে ২২ শতাংশ ৰপ্তানি কৰাৰ বিপৰীতে চলিত বর্ষৰ নৱেম্বৰ মাহত এই ৰপ্তানি ১৫ শতাংশলৈ নিম্নগামী হৈছে৷ অর্থাৎ নৱেম্বৰত বস্ত্র উদ্যোগে ৩১০ কোটি মার্কিন ডলাৰ ৰপ্তানি উপার্জন হেৰুৱাইছে৷ দেশখনৰ অর্থনীতি সামগ্রিকভাৱে শক্তিশালী বিকাশ হৈ আছে যদিও সাজ–পোছাক আৰু বস্ত্রৰ প্রস্তুতত অধিক ব্যয় হোৱাৰ বাবে ঘৰুৱা বজাৰতো এই সামগ্রীৰ বিক্রী হ্রাস পাইছে৷ পৰিণতিত বস্ত্র উদ্যোগে উৎপাদন হ্রাস কৰিবলৈ বাধ্য হৈছে৷ জুলাই–ছেপ্ঢেম্বৰ ত্রি–মাসিকত বস্ত্র উদ্যোগে উৎপাদন ৪.৩ শতাংশতে সীমাবদ্ধ ৰাখিবলৈ বাধ্য হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সঠিক নীতিৰ অভাৱত দেশৰ বস্ত্র উদ্যোগ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ২০২২ চনৰ মাজভাগলৈকে আন্তর্জাতিক বজাৰত ভাৰতীয় বস্ত্রৰ চাহিদা অধিক আছিল যদিও পাছলৈ ই দ্রুত গতিত নিম্নগামী হ’বলৈ ধৰিছে৷

মন কৰিবলগীয়া যে নির্মাণ খণ্ডই দেশৰ জিডিপিলৈ ১৬ শতাংশ অৱদান আগবঢ়াই আহিছে৷ কেঁচা সামগ্রীৰ মূল্যবৃদ্ধি আৰু উৎপাদিত সামগ্রীৰ চাহিদা হ্রাস পোৱাৰ বাবে দেশৰ উদ্যোগ খণ্ড বিশেষকৈ বস্ত্র উদ্যোগত সংকট নামি আহিছে৷ চৰকাৰে বস্ত্র উদ্যোগৰ ক্ষেত্রত ৰেহাই নীতি শীঘ্রে বলৱৎ নকৰিলে অনেক বস্ত্র প্রস্তুত কৰোতা কোম্পানী বন্ধ হৈ পৰিব৷ কিয়নো এই বস্ত্র প্রস্তুত কৰা কোম্পানীয়ে শ্রমিক ভাৰাত আমদানি কৰিবলগীয়া হয়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰক শীঘ্রেই দেশৰ বস্ত্র উদ্যোগৰ প্রতি নামি অহা সংকট মোচনৰ বাবে নীতি নির্ধাৰণ কৰিবলৈ দাবী জনাইছে এই উদ্যোগৰ লগত জড়িত সংস্থা–সংগঠনে৷

You might also like