মৰিয়নিত প্ৰাইজমানী ফুটবলত গোলাঘাটৰ ৰাধাবাৰী চাহ বাগিচা চেম্পিয়ন
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ মৰিয়নিৰ সমীপৰ লেটেকুজান চাহ বাগিচাৰ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত গোলাঘাটৰ ৰাধাবাৰী চাহ বাগিচা ফুটবল একাদশে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। আজি লেটেকুজান চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলত ৰাধাবাৰীয়ে মৰিয়নিৰ হাতীপটি চাহ বাগিচা ফুটবল দলক ৩-২ গ’লৰ ব্যৱধানত পৰাজিত কৰে। প্ৰায় পাঁচ সহস্ৰাধিক দৰ্শকৰ সন্মুখত দুয়োটা দলে আৰম্ভণীৰে পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে। বিজয়ী দলৰ মুন তুৰীয়ে খেলৰ দুই মিনিটতে গ’ল দি দলক আগুৱাই নিয়ে। অৱশ্যে আঠ মিনিটত হাতীপটিৰ বেদান্ত ফুকনে দৰ্শনীয় গ’ল দি সমতা স্থাপন কৰে। ইয়াৰ পিছত অধিক গতিশীল হৈ পৰে খেলখন। খেলৰ ২৪ মিনিটত ৰাধাবাৰীৰ অভিষেক কুমাৰে এটা গ’ল দিয়াৰ পিছত ২৭ মিনিটত তপন ভূঞাই আন এটা গ’ল দি দলক ৩-১ গ’লৰ অগ্ৰগতি প্ৰদান কৰে। হাতীপটিয়ে গ’ল পৰিৰোধৰ বাবে আপ্ৰাণ চেষ্টা চলাই যদিও ৰাধাবাৰীৰ ৰক্ষন বিভাগ ভেদ কৰিব নোৱাৰিলে। অৱশ্যে ৩৪ মিনিটত হাতীপটিৰ শংকৰ মিৰ্দ্ধাই এটা গ’ল পৰিশোধ কৰি ব্যৱধান ৩ – ২ গ’ললৈ হ্ৰাস কৰে যদিও শেষ ৰক্ষা কৰিব নোৱাৰিলে। খেলখন পৰিচালনা কৰে এন্দ্ৰিয়াছ তাঁতী, ৰাজীৱ কৰ্মকাৰ, দেবু গোৱালা আৰু প্ৰদীপ মজুমদাৰে। বিজয়ী দলৰ মুন তুৰী ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয়। আনহাতে, একেটা দলৰে প্ৰফুল্ল তুৰী শ্ৰেষ্ঠ গ’লদাতা আৰু হাতীপটিৰ অসীম বৰা শ্ৰেষ্ঠ গ’লৰক্ষকৰ পুৰস্কাৰ লাভ কৰে। খেলৰ শেষত তিতাবৰ বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, প্ৰবীন সমাজকৰ্মী প্ৰাণ কুৰ্মী, সীমান্ত বৰা, জিলা পৰিষদৰ সদস্যা মীনা কালিন্দী, শিলিখা চাহ বাগিচাৰ পৰিচালক কে এন সিং, ৰাধাবাৰী চাহ বাগিচাৰ কল্যাণ বিষয়া অনিল ৰাজপুত, নবীন কৰ্মকাৰ আদি উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে। বিজয়ী দলক ট্ৰফীৰ লগতে নগদ ষাঠি হাজাৰ টকা আৰু বিজিত দলক ট্ৰফীৰ লগতে নগদ চল্লিশ হাজাৰ টকা প্ৰদান কৰা হয় ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া