নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ হতচকিত কাণ্ডঃ প্ৰণৱ গগৈৰ ঠাইত তৰুণ গগৈৰ ফটো

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ সোমবাৰে মৃত্যু হোৱা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক প্ৰণৱ গগৈৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰি অসম সম্পৰ্কে ন্যূনতম ধাৰণা নথকা কথাটোকে পুনৰবাৰ প্ৰমাণ কৰিলে এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমে । ‘দৈনিক জাগৰণ’ নামৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ নিউজ পৰ্টেলত মঙলবাৰে দিনৰ ২.৩৬ বজাত প্ৰকাশ পায় প্ৰণৱ গগৈৰ মৃত্যু সম্বন্ধীয় এই বাতৰি ।

কিন্তু আশ্বৰ্যজনকভাৱে এই বাতৰিত প্ৰণৱ গগৈৰ ফটোৰ সলনি সংবাদমাধ্যমটোৱে ব্যৱহাৰ কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ফটো । অসম সম্পৰ্কীয় জ্ঞান আৰু ধাৰণাৰ দৈন্যতা বাৰুকৈয়ে স্পষ্ট কৰা সংবাদগোষ্ঠীটোৰ অৱশ্যে চকুত নপৰিল বাতৰিৰ সৈতে সংযোগ কৰা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ বিশেষ টুইটটো । কিয়নো কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰণৱ গগৈৰ ফটোসহ টুইটাৰত শোকপ্ৰকাশ কৰিছিল । ইয়াৰ পাচতো কিন্তু টুইটাৰত থকা এই ফটোখনলৈ মন নকৰি সংবাদগোষ্ঠীটোৱে প্ৰকাশ কৰিলে তৰুণ গগৈৰ ফটো ।

সুস্মিতা দেৱৰ সেই টুইটটো
You might also like