নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামাৰী বিশেষজ্ঞৰ সতর্কবাণীঃ চীনত ৯০ দিনত ক’ভিডত আক্রান্ত হ’ব ৬০ শতাংশ লোক

নিয়মীয়া বাৰ্তা, ২১ডিচেম্বৰ: চীনত এইবাৰহে ক’ৰোনাই বিভীষিকাৰ সৃষ্টি কৰিব৷ পুনৰ দেশখনৰ বিভিন্ন চহৰত ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লৈছে৷ ক’ৰোনা প্রতিৰোধী লকডাউন শিথিল হোৱাৰ লগে লগে আক্রান্ত লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশখনত৷ এনে পৰিস্থিতিত হাস্পতালসমূহত বিছনাৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব দিছে চীন চৰকাৰে৷ হাস্পতালৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অধিকসংখ্যক ৰোগীক চিকিৎসা প্রদানৰ সুবিধাৰ বাবে নতুন নতুন ব্যৱস্থা গ্রহণ কৰা হৈছে৷ চীনৰ বিশেষজ্ঞসকলে আশংকা কৰিছে যে আগন্তুক শীতৰ ভিতৰতে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিব দেশখনত৷

সংবাদ সংস্থা বিবিচিয়ে চীনৰ এক বিশেষজ্ঞৰ উদ্ধৃতি দি কৈছে যে আগন্তুক ৯০ দিনৰ ভিতৰত দেশখনৰ ৬০ শতাংশ লোক ক’ভিডত আক্রান্ত হ’ব৷ ১৪০ কোটি জনসংখ্যাৰ দেশখনৰ ৬০ শতাংশ লোক ক’ভিডত আক্রান্ত হোৱাৰ উপৰি প্রাণ হেৰুৱাব পাৰে কেইবা নিযুত লোকে৷ মহামাৰী বিশেষজ্ঞ এৰিক ফেইগল–ডিঙৰ মতে, শীতৰ প্রথম ১৫ দিনতে ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰিব দেশখনত৷ অকল সেয়াই নহয়, চীনত ক’ভিডে এনে ভয়াৱহ ৰূপ ধাৰণ কৰিলে পুনৰ বিশ্বজুৰি ক’ৰোনাৰ পৰিৱর্তিত প্রকৰণে সৃষ্টি কৰিব পাৰে বিভীষিকা৷ ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে এই বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে৷

You might also like