নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংশৰ উচ্চতৰ মাধ্যমিকৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰঃ আজি জালুকবাৰী সমষ্টিৰ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ “বিদ্যালয় বাৰ্ষিক সপ্তাহ আৰু বঁটা বিতৰণী সভাত” উপস্থিত থাকে বিজেপি কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য। অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে বিদ্যালয় সপ্তাহ বুলিলেই স্কুলীয়া জীৱনৰ স্মৃতি বোৰে বাৰুকৈ আমনি কৰে। সঁচাই সেই দিনবোৰ সোণোৱালী আছিল, নাছিল কোনো যান্ত্ৰিকতা, নাছিল কোনো জটিলতা মাথোঁ নিজৰ পৃথিৱীখনৰ মাজত বিলীন কৰিছিলো নিজক। বিদ্যালয়খনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত সুখী হোৱা বুলি অনুভৱ ব্যক্ত কৰে ৰঞ্জিত ভট্টাচাৰ্যই। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতাত আপ্লুত হৈ পৰে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতিগৰাকীয়ে। ইফালে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মৰম-আদৰ, আতিথ্যৰ বাবে সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন ৰঞ্জিত ভট্টাচাৰ্যই।

You might also like