নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ টাটা সন্সৰ চেয়াৰমেন এমেৰিটাছ (অৱসৰপ্ৰাপ্ত) ৰতন টাটাই আজি ২৮ ডিচেম্বৰত ৮৫ সংখ্যক জন্মদিন পালন কৰিছে। ৰতন টাটা কেৱল এজন প্ৰবীণ উদ্যোগপতি হিচাপে পৰিচিত নহয়, সামাজিক কামৰ লগতে দেশৰ নতুন উদীয়মান ষ্টাৰ্টআপসমূহক মুকলিকৈ সমৰ্থন কৰাৰ বাবেও তেওঁ বিখ্যাত। দুটা দশকৰো অধিক সময় টাটা সন্সৰ অধ্যক্ষ হিচাপে তেওঁ বিশ্বৰ বিশাল কোম্পানীসমূহ অধিগ্ৰহণ কৰি টাটা গোটটোক নতুন শীখৰলৈ লৈ যায়।
১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটাৰ পিতৃৰ নাম নৱল টাটা আৰু মাতৃৰ নাম চুন্নু টাটা। মুম্বাইৰ চেম্পিয়ন স্কুলত অষ্টম শ্ৰেণীলৈকে পঢ়িছিল ৰতন টাটাই। ইয়াৰ পিছত মুম্বাইৰ কেথেড্ৰেল আৰু জন কনন স্কুলৰ উপৰিও চিমলাৰ বিচপ কটন স্কুলৰ পৰাও শিক্ষা গ্ৰহণ কৰে। ১৯৫৫ চনত নিউয়ৰ্ক চহৰৰ ৰিভাৰডেল কাউণ্ট্ৰী স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৰতন টাটাই। আৰু আমেৰিকাৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা Structural and Architecture অভিযান্ত্ৰিকীত ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনত হাৱাৰ্ড বিজনেছ স্কুলৰ পৰা মেনেজমেণ্টৰ অধ্যয়ন সম্পূৰ্ণ কৰে।
১৯৬২ চনত টাটা ষ্টীলৰ সৈতে ৰতন টাটাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ৯ বছৰৰ পাছত তেওঁক নেচনেল ৰেডিঅ’ এণ্ড ইলেক্ট্ৰনিকছ কোম্পানীত পৰিচালক নিযুক্তি দিয়া হয়। ১৯৯১ চনত জে আৰ ডি টাটাই ৰতন টাটাক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে। ইয়াৰ পিছত ৰতন টাটাই টাটা গ্ৰুপক অবিৰতভাৱে নতুন উচ্চতালৈ লৈ গৈছিল। ১৯৯৮ চনত তেওঁ প্ৰথমখন থলুৱা ঘৰুৱা সৰু বাহন ইণ্ডিকা মুকলি কৰে। ২০০৮ চনত ৰতন টাটাই ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক মনত ৰাখি লখটকীয়া গাড়ী নেনোও লৈ আহিছিল।
উল্লেখ্য যে সমাজসেৱক হিচাপে বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট উদ্যোগপতি ৰতন টাটাক পোনপ্রথমবাৰৰ বাবে ৰাজ্যৰ সর্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ৰে সন্মানিত কৰা হয়।