নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত গুণোৎসৱত A+প্ৰাপ্ত স্কুলৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰ: চৰকাৰী স্কুলৰ গুণগত শিক্ষাৰ লগত ব্যক্তিগত খণ্ডৰ স্কুল কেতিয়াও ফেৰ মাৰিব নোৱাৰিব৷ এইক্ষেত্ৰত মই প্ৰত্যাহ্বান জনাব পাৰিম৷ এই মন্তব্য ধুবুৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰাতুল কুমাৰ দাসৰ৷ আজি বিলাসীপাৰাত আয়োজিত সম্বৰ্ধনা সভাত তেওঁ লগতে কয় যে ব্যক্তিগত খণ্ডৰ বহু স্কুলৰ চৰকাৰী অনুমতি বা প্ৰয়োজনীয় পৰিকাঠামো নাই ৷ তেনে স্কুলৰ বিৰুদ্ধে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ উল্লেখযোগ্য যে যোৱা গুণোৎসৱত এ প্লাচপ্ৰাপ্ত বিলাসীপাৰা শিক্ষাখণ্ডৰ ৫২খন স্কুলৰ প্ৰধান শিক্ষকক আজি সম্বৰ্ধনা জনোৱা হয়৷ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিষ্ণুচৰণ নাথে আঁত ধৰা অনুষ্ঠানত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰতন কুমাৰ সূত্ৰধৰ, এমআইএছ ছফিকুল ইছলাম প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত শিক্ষাখণ্ডটোৰ অন্তৰ্গত ৫২খন এ প্লাচপ্ৰাপ্ত স্কুলৰ প্ৰধান শিক্ষকক ফুলাম গামোচা,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like