নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচীৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্রশাসনৰ উদ্যোগত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অহা ২৪ ফেব্রুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈ মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচী অনুষ্ঠিত হ’ব৷ জিলা উপায়ুক্তৰ কার্যালয়ত জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচীৰ আয়োজনৰ সৈতে জডিত বিভিন্ন দিশৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ সভাত শিক্ষা, গডকাপ্ঢানী (গৃহ), স্বাস্থ্য, জনস্বাস্থ্য–কাৰিকৰী, পর্যটন, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান আদি বিভিন্ন বিভাগৰ বিষয়াসকলে অংশগ্রহণ কৰে৷ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া জ্ঞানজ্যোতি আঁচনিৰ এই কার্যসূচীত ৰাজ্যখনৰ ১৮খন জিলাৰ প্রায় এক হেজাৰ ছাত্র–ছাত্রীয়ে অংশগ্রহণ কৰিব৷ প্রতিখন জিলাৰ পৰা অহা ছাত্র–ছাত্রীসকলৰ সৈতে থাকিব ন’ডেল অফিচাৰ, শিক্ষক গাইড, চিকিৎসক আৰু নার্ছৰ লগতে নিৰাপত্তাৰক্ষী৷ জিলাকেইখন হ’ল – বিশ্বনাথ চাৰিআলি, বাগ্সা, চৰাইদেউ, চিৰাং, ধেমাজি, হোজাই, ডিমা হাছাও, গোলাঘাট, ডিব্রুগড যোৰহাট, কার্বি আংলং, লখিমপুৰ, মাজুলী, শোণিতপুৰ, পশ্চিম কার্বি আংলং, তিনিচুকীয়া, ওদালগুৰি আৰু শিৱসাগৰ৷ উল্লেখ্য যে জ্ঞানজ্যোতি কার্যসূচীত অংশগ্রহণ কৰা ছাত্র–ছাত্রীসকলক জিলা প্রশাসনে কলাক্ষেত্রত ৰখাৰ ব্যৱস্থা কৰিব৷ জিলা প্রশাসনে ছাত্র–ছাত্রীসকলক কেইবাটাও গোটত বিভক্ত কৰি গুৱাহাটী মহানগৰী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ভালেসংখ্যক গুৰুত্বপূর্ণ স্থান দর্শন কৰোৱাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে৷ তদুপৰি কলাক্ষেত্রত প্রতিদিনেই বিয়লি বিভিন্ন খেল–ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব৷

You might also like