ডিব্ৰুগড়ৰ জকাইত ডাম্পাৰৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ বেলেনো
বিশেষ বাৰ্তা, ৩ জানুৱাৰীঃ ডিব্ৰুগড়ৰ জকাইৰ ৫২নং(বি) ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিআলিত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা।উক্ত দুৰ্ঘটনাত বেলেন’ গাড়ীৰ আৰোহী তথা ডিব্ৰুগড়ৰ কনভয় ৰোডৰ কছাৰীবাৰীৰ বাপু হুচেইন চিকিৎসালয়ত মৃত্যু হোৱাৰ লগতে চালক তথা চহৰখনৰ বৈৰাগীমঠৰ নিৱাসী চাকিল জাহানক সংকটজনক অৱস্থাত মেডিকেলত ভৰ্তি কৰোৱা হয়।জানিব পৰামতে নাম্বাৰ প্লেটবিহিন তীব্ৰবেগী এখন মালবাহী ডাম্পাৰে বিপৰীত দিশৰ পৰা অহা এএচ ০৬ টি ৮৩৫৫ নম্বৰৰ বেলেন’ গাড়ীখনত খুণ্ডা মৰাৰ ফলত উক্ত গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰে।ফলত ডাম্পাৰ গাড়ীখনে তীব্ৰ জোৰেৰে খুণ্ডা মৰাৰ ফলত বেলেন গাড়ীৰ চালক জনৰ লগতে আৰোহী গৰাকী গাড়ীখনৰ ভিতৰতে বহু সময় আবদ্ধ হৈ পৰে।পাছত স্থানীয় লোকে দুৱাৰ ভাঙি গুৰুতৰভাবে আহত চালক আৰু আৰোহী গৰাকীক উদ্ধাৰ কৰি শ্ৰীঘে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ঘটনাস্থলীত বৰবৰুৱা থানাৰ আৰক্ষীসহ যানবাহন আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰি চালক তথা ঢকুৱাখানাৰ ভাতিজালভাৰীৰ নিৱাসী দেৱজিৎ শইকীয়াক আটক কৰে। স্থানীয় জকাইৰ কলিয়নী,হাৰকপথাৰ, পানীতোলা,চামগুৰি,হাহঁচৰা গাঁৱৰ ৰাইজে অভিযোগ কৰা মতে জকাই শৰাইঘাট আৰু খামটি ঘাটৰ পৰা ৫২নং(বি) ৰাষ্ট্ৰীয় ঘাইপথেদি বালি,মাটি কঢ়িয়াই নিয়া ডাম্পাৰ গাড়ীৰ দৌৰাত্ম্যই সাধাৰণ জনতাক ত্ৰাসিত কৰি তুলিছে যদিও প্ৰশাসনে এই পৰ্যন্ত নাকি লগাব নোৱাৰাটোৱে সকলোকে ভবাই তুলিছে।ডাম্পাৰ সমূহ তীব্ৰ বেগেৰে চলোৱা তথা অনভিজ্ঞ চালকে চলোৱাৰ পৰিপ্ৰেক্ষিতত যান-বাহনৰ কথাটো বাদেই পথেদি চাইকেল আৰোহী,পদাচাৰী যোৱাটো একপ্ৰকাৰ বিপদাপন্ন হৈ পৰিছে। সেয়ে স্থানীয় ডাম্পাৰ, মালবাহী গাড়ী তথা গধুৰ যান-বাহন চলাচলৰ গতিবেগ হ্ৰাস কৰাৰ দাবী জনায়।লগতে তীব্ৰ বেগী ডাম্পাৰ চালকৰ মইমতালিৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগ,আৰক্ষীৰ যান-বাহন বিভাগক অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায়। অন্যথা ৰাইজে দাবী পূৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ বাধ্য হব বুলিও সকীয়াই দিয়ে।
প্ৰেৰক বিভাস দুৱৰা