নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিমানত বৃদ্ধাৰ গাত প্রস্রাৱ সুৰাপায়ীৰ

নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী: সুৰামত্ত অৱস্থাত বৃদ্ধা সহযাত্রীৰ গাত প্রস্রাৱ কৰিছিল এজন লোকে৷ আমেৰিকাৰ পৰা দিল্লীলৈ অহা বিমানত সংঘটিত এই ঘটনাৰ প্রতিবেদন বিচাৰিলে অসামৰিক উৰণ দপ্তৰৰ সঞ্চালকপ্রধান (ডিজিচিএ)য়ে৷ এয়াৰ ইণ্ডিয়াৰ বিমানত সংঘটিত হৈছিল এই ঘটনা৷ উৰণ সংস্থাটোৰ তৰফৰ পৰা আৰক্ষীক অভিযোগ দিয়া বুলি উল্লেখ কৰিছিল যদিও বৃদ্ধাগৰাকীয়ে অভিযোগ কৰা অনুসৰি সুৰামত্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷

You might also like