মানৱকেন্দ্ৰিক বিশ্বায়নৰ এক নতুন আৰ্হি গঢ়োঁ আহক
নৰেন্দ্র মোদী, প্রধানমন্ত্রী
জি–২০ৰ পূর্বৱর্তী ১৭ অধ্যক্ষতাই উল্লেখযোগ্য ফলাফল প্রদান কৰিছে– সামষ্টিক অর্থনৈতিক macro-economic) সুস্থিৰতাৰ নিশ্চিতকৰণ, আন্তঃৰাষ্ট্রীয় কৰ ব্যৱস্থাৰ যুক্তিসংগতকৰণ, দেশসমূহৰ ঋণৰ বোজা দূৰীকৰণৰ লগতে আন একাধিক ফল লাভ কৰা হৈছে৷ এই সাফল্যৰাজিয়ে আমাক উপকৃত কৰিব আৰু ইয়াৰ ওপৰত ভিত্তি কৰি সুবিধাৰাজিৰ অধিক সম্প্রসাৰণ ঘটাম৷ কিন্তু ভাৰতে এই গুৰুত্বপূর্ণ দায়িত্ব গ্রহণৰ ঠিক পূর্বে মই নিজকে প্রশ্ণ কৰিছেছা– জি–২০ এতিয়াও অধিক আগবাঢ়িব পাৰিবনে? আমি এক মৌলিক মানসিকতাৰ ৰূপান্তৰত অনুঘটক হিচাপে কাম কৰিব পাৰোঁনে, যিয়ে সামগ্রিকভাৱে মানৱ জাতিক উপকৃত কৰিব৷ আমি পাৰিম বুলি মোৰ বিশ্বাস৷ আমাৰ মানসিকতা আমাৰ পৰিস্থিতি সাপেক্ষে গঢ় লৈ উঠে৷ ইতিহাসৰ পাত লুটিয়ালে মানৱ জাতিয়ে অভাৱত জীয়াই থকাৰ উমান পোৱা যায়৷ আমি সীমিত সম্পদৰাজিৰ বাবে যুঁজিছিলোঁ, কিয়নো আমাৰ অস্তিত্ব আনে সেয়া অস্বীকাৰ কৰাৰ ওপৰত নির্ভৰশীল আছিল৷ ধাৰণা, মতাদর্শ আৰু পৰিচয়ৰ মাজত বিৰোধ Confrontation) আৰু প্রতিযোগিতা এক নিয়ম হৈ পৰিল৷দুর্ভাগ্যজনকভাৱে আজিও আমি একে শূন্য যোগফলৰ মানসিকতাতে আবদ্ধ হৈ আছেছা৷ দেশসমূহে ভূখণ্ড বা সম্পদৰ বাবে যুঁজ দিওঁতে আমি ইয়াক দেখিবলৈ পাওঁ৷ আমি এয়া দেখিবলৈ পাওঁ যেতিয়া অত্যাৱশ্যকীয় সামগ্রীৰ যোগান অস্ত্রৰে সজ্জিত কৰা হয়৷ ভেকচিন কোটি কোটি লোকে লাভ নকৰা সত্ত্বেও কেইজনমানে ইয়াক মজুত ৰখা সময়ত আমি এনে হোৱা দেখিবলৈ পাওঁ৷ একাংশ লোকে এইবুলি ক’ব যে বিৰোধ আৰু লোভ কেৱল মানুহৰ স্বভাৱ৷ মই এয়া স্বীকাৰ নকৰোঁ৷ যদি মানুহ সহজাতভাৱে স্বার্থপৰ হ’লহেঁতেন, তেন্তে আমাৰ সকলোৰে মৌলিক একতা one-ness)ৰ পোষকতা কৰা ইমানবোৰ আধ্যাত্মিক পৰম্পৰাৰ স্থায়ী আহ্বানৰ ব্যাখ্যা কেনেদৰে আগবঢ়াব পৰা হ’লহেঁতেন? ভাৰতত জনপ্রিয় এনে এটা পৰম্পৰাই সকলো জীৱ, আনকি নির্জীৱ বস্তুকো একে পাঁচটা মৌলিক উপাদানৰে গঠিত বুলি ভাবে– এই পঞ্চতত্ত্ব হৈছে– পৃথিৱী, জল, অগ্ণি, বায়ু আৰু আকাশ৷ এই উপাদানসমূহৰ মাজত আমাৰ ভিতৰত আৰু আমাৰ মাজত সমন্বয় হৈছে আমাৰ কায়িক, সামাজিক আৰু পাৰিপার্শ্বিক মংগলৰ বাবে অতিশয় প্রয়োজনীয়৷ ভাৰতৰ জি–২০ৰ অধ্যক্ষতাই এই সার্বজনীন একতাবোধক প্রোৎসাহিতকৰণৰ বাবে কাম কৰিব৷ সেয়েহে অধ্যক্ষতাৰ কালছোৱাত আমাৰ বিষয়বস্তু– ‘এখন পৃথিৱী, এটা পৰিয়াল, এটাই ভৱিষ্যৎ’ One Earth, One Family, One Future)৷ এয়া মাথোঁ এক শ্লোগান নহয়৷ ই মানৱ জাতিয়ে সন্মুুখীন হোৱা পৰিৱর্তিত পৰিস্থিতিক হূদয়ংগম কৰিছে, যাক আমি সামূহিকভাৱে মোকাবিলা কৰাত ব্যর্থ হৈছেছা৷ আজি আমাৰ হাতত বিশ্বখনৰ সকলো লোকৰ মৌলিক প্রয়োজনীয়তাৰাজি পৰিপূৰণ কৰিব পৰাকৈ যথেষ্ট উৎপাদনৰ উপায় আছে৷ আজি আমি অস্তিত্বৰ বাবে যুঁজ দিয়াৰ প্রয়োজনীয়তা নাই– আমাৰ যুগে যুদ্ধৰ কামনা নকৰে৷ সঁচাকৈয়ে এনে হ’বও নালাগে৷ আজি আমি সন্মুুখীন হোৱা সর্ববৃহৎ প্রত্যাহ্বানৰাজি হৈছে– জলবায়ু পৰিৱর্তন, সন্ত্রাসবাদ, মহামাৰী– যাৰ সৈতে পাৰস্পৰিক যুঁজৰ বিপৰীতে একেলগে কাম কৰিয়েই মোকাবিলা কৰিব পাৰি৷ সৌভাগ্যক্রমে আজিৰ প্রযুক্তিয়েও আমাক মানৱ জাতিয়ে ব্যাপকভাৱে মুখামুখি হোৱা সমস্যাৰাজি সমাধানৰ উপায় প্রশস্ত কৰিছে৷ আজি আমাৰ পৰিচিত বিশাল ভার্চুৱেল জগতসমূহে ডিজিটেল প্রযুক্তিৰ ক্ষমতাকে প্রদর্শন কৰে৷ মানৱ জাতিৰ এক ষষ্ঠাংশৰ বাসস্থান আৰু অগণন ভাষা, ধর্ম, ৰীতি–নীতি আৰু বিশ্বাসৰ বৈচিত্র্যৰে ভাৰত বিশ্বখনৰ এক ক্ষুদ্র আর্হি microcosm)৷ সামূহিক সিদ্ধান্ত গ্রহণৰ সবাতোকৈ পুৰণি পৰিচিত পৰম্পৰাৰে ভাৰতে গণতন্ত্রৰ ভেটিগত ডিএনএলৈ বৰঙণি যোগাইছে৷ গণতন্ত্রৰ মাতৃ হিচাপে ভাৰতৰ ৰাষ্ট্রীয় সহমতক নির্দেশ diktat)ৰ বিপৰীতে কোটি কোটি মুক্ত কণ্ঠৰ এটা সংগত সুৰত শুনিবলৈ পোৱা হৈছে৷ আজি ভাৰত হৈছে সর্বাধিক দ্রুত বর্ধমান বৃহৎ অর্থনীতি৷ আমাৰ নাগৰিককেন্দ্রিক শাসনৰ আর্হিয়ে আমাৰ অতিশয় দুর্বল নাগৰিকসকলৰ যত্ন লোৱাৰ সমান্তৰালভাৱে একে সময়তে আমাৰ প্রতিভাৱান যুৱক–যুৱতীসকলৰ্ সৃষ্টিশীল প্রতিভাক লালন–পালন কৰিছে৷ আমি ৰাষ্ট্রীয় উন্নয়নক আপাদমস্তক শাসন top-down governance)ৰ কছৰতৰ বিপৰীতে নাগৰিক নেতৃত্বাধীন ‘জন আন্দোলন’ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছেছা৷ আমি প্রযুক্তিৰ সহায় লৈ ডিজিটেল ৰাজহুৱা ব্যৱস্থা গঢ়িছেছা, যিসমূহ মুক্ত, অন্তর্ভুক্তিমূলক আৰু আন্তঃকার্যকৰী৷ এইসমূহে সামাজিক সুৰক্ষা, বিত্তীয় অন্তর্ভুক্তি আৰু ইলেক্ট্রনিক পেমেণ্টৰ দৰে ভিন্ন ক্ষেত্রত বৈপ্লৱিক অগ্রগতি সাধন কৰিছে৷ এই সকলো কাৰণতে ভাৰতৰ অভিজ্ঞতাই সম্ভাব্য বৈশ্বিক সমাধান সূত্রৰ বাবে অন্তর্দৃষ্টি আগবঢ়াব পাৰে৷ আমাৰ জি–২০ৰ অধ্যক্ষতাৰ সময়ছোৱাত আমি ভাৰতৰ অভিজ্ঞতা, শিক্ষণ আৰু আর্হিসমূহক আনৰ বাবে, বিশেষকৈ উন্নয়নশীল বিশ্বখনৰ বাবে সম্ভাব্য নমুনা (emplates— হিচাপে উপস্থাপন কৰিম৷ আমাৰ জি–২০ৰ অগ্রাধিকাৰসমূহ সন্দর্ভত কেৱল আমাৰ জি–২০ অংশীদাৰসকলৰ সৈতেই নহয়, বৰঞ্চ বিশ্বৰ দক্ষিণ প্রান্তৰ আমাৰ সহযাত্রীসকলৰ সৈতেও আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ আমাৰ এইসমূহ চুবুৰীয়াৰ কণ্ঠ প্রায়ে শুনা নাযায়৷ আমাৰ অগ্রাধিকাৰসমূহে আমাৰ ‘এখন পৃথিৱী’ক সুস্থ কৰা, আমাৰ ‘এটা পৰিয়াল’ৰ মাজত সমন্বয় সাধন আৰু আমাৰ ‘এটাই ভৱিষ্যত’ৰ বাবে আশাৰ সঞ্চাৰত গুৰুত্ব আৰোপ কৰিব৷ আমাৰ গ্রহটোক সুস্থ কৰি ৰাখিবলৈ আমি ভাৰতৰ প্রকৃতিৰ সৈতে সহবাসৰ পৰম্পৰাৰ ওপৰত ভিত্তি কৰি বহনক্ষম আৰু পৰিৱেশ অনুকূল জীৱনশৈলীক উৎসাহিত কৰিম৷ মানৱ পৰিয়ালৰ মাজত সমন্বয়ক প্রোৎসাহিতকৰণৰ বাবে আমি খাদ্য, সাৰ আৰু চিকিৎসা সামগ্রীৰ বৈশ্বিক যোগানক ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচাৰিম, যাতে ভূ–ৰাজনৈতিক উত্তেজনাৰ ফলত মানৱীয় সংকটৰ উদ্ভৱ নহয়৷ আমাৰ নিজৰ পৰিয়ালসমূহৰ দৰেই যিসকলৰ প্রয়োজনীয়তা আটাইতকৈ বেছি, আমি সদায়েই প্রথমে তেওঁলোকৰ কথা চিন্তা কৰিব লাগিব৷ আমাৰ ভৱিষ্যৎ প্রজন্মসমূহৰ মাজত আশাৰ সঞ্চাৰ কৰিবলৈ আমি শক্তিধৰ দেশসমূহৰ মাজত এক সুস্থ কথোপকথনক উৎসাহিত কৰিম৷ এনে আলোচনাত প্রাণনাশী অস্ত্রসৃষ্ট বিপদাশংকা লাঘৱ আৰু বৈশ্বিক নিৰাপত্তাৰ বর্ধনত গুৰুত্ব আৰোপ কৰা হ’ব৷ ভাৰতৰ জি–২০ৰ কর্মসূচী সর্বাংগীণ, অভিলাষী, কার্যমুখী আৰু নির্ণায়ক হ’ব৷ আহক, আমি একত্রিতভাৱে ভাৰতৰ জি–২০ৰ অধ্যক্ষতাক নিৰাময়, সম্প্রীতি আৰু আশাৰ নেতৃত্ব প্রদানৰ প্রতিৰূপ কৰি তোলোঁ৷ আমি একেলগে কাম কৰি মানৱকেন্দ্রিক বিশ্বায়নৰ এক নতুন আর্হি গঢ়োঁচোন আহক৷