সজাগ হওক সাৱধানে থাকক! সন্তৰ্পণে বৃদ্ধি পাইছে কভিড আক্ৰান্ত
বিশেষ বাৰ্তা, ৬ জানুৱাৰীঃ চীন আৰু আমেৰিকাৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত। ভাৰতত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘন্টাত ২২৮জন নতুনকৈ কোভিড-১৯ত আক্ৰান্ত ৰোগী পঞ্জীয়ন হৈছে। ইয়াৰ লগে লগে এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা ২৫০৩লৈ বৃদ্ধি পাইছে। একে সময়তে দেশত যোৱা ২৪ ঘন্টাত ২৭৫জন লোক আৰোগ্য হৈছে। ইয়াৰ পিছত আৰোগ্য হোৱা লোকৰ মুঠ সংখ্যা ৪,৪১,৪৬,৩৩০লৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বৰ্তমান আৰোগ্যৰ হাৰ ৯৮.৮ শতাংশ আৰু সক্ৰিয় ৰোগীৰ হাৰ ০.০১ শতাংশ। মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি দৈনিক পজিটিভিটিৰ হাৰ ০.১১ শতাংশ হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটিৰ হাৰ ০.১২ শতাংশ। তথ্য অনুসৰি দেশত মুঠ ৯১.১৭ কোটি কৰোনা পৰীক্ষা কৰা হৈছে। একে সময়তে যোৱা ২৪ ঘন্টাত ১,৯৯,৭৩১টা পৰীক্ষা কৰা হৈছে। ইয়াৰ উপৰি দেশজোৰা টিকাকৰণ অভিযানৰ অধীনত যোৱা ২৪ ঘন্টাত ৪৬,৪৫০ টা ড’জ দিয়া হৈছে। এই অভিযানৰ অধীনত এতিয়ালৈকে মুঠ ২২০.১২ কোটি ভেকচিন ড’জ দিয়া হৈছে, য’ত ৯৫.১৩ কোটি দ্বিতীয় ড’জ আৰু ২২.৪২ কোটি বুষ্টাৰ ড’জ দিয়া হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰে (৩ জানুৱাৰী) নতুনকৈ ১৩৪ জন কোভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰে। ৪ জানুৱাৰীত ১৭৫টা নতুন ক’ভিড পঞ্জীয়ন হৈছিল। ইয়াৰ পিছত ৫ জানুৱাৰীত নতুনকৈ ১৮৮ জন কোভিড-১৯ত আক্ৰান্ত ৰোগী ধৰা পৰে। কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ বাবে চীনত আতংকৰ সৃষ্টি হৈছে, যাৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ লগতে কেন্দ্ৰৰ চৰকাৰসমূহো অতি সতৰ্ক। চীনে তথ্য প্ৰকাশ কৰিছে, য’ত দেখা গৈছে যে অমিক্ৰনৰ উপ-ভেৰিয়েণ্ট BA.5.2 আৰু BF.7ৰ দ্বাৰা মানুহ অধিক সংক্ৰমিত হৈ পৰিছে। বিশ্বৰ বহু দেশত বৃদ্ধি পোৱা কৰ’না আক্ৰান্তৰ পৰিপ্ৰেক্ষিতত ভাৰতে চীন, হংকং, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে আৰ টি-পিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন বাধ্যতামূলক কৰিছে। এই প্ৰতিবেদন ভাৰতলৈ অহাৰ ৭২ ঘন্টা আগৰ হব লাগে।