বজালীত “কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা গো-পোৱালিৰ প্ৰদৰ্শনী” উদ্বোধন মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৱেষ্ট অসম মিল্ক প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেড (WAMUL), চমুকৈ পূৰবী ডেইৰী নামেৰে জনপ্ৰিয় অনুষ্ঠানটিৰ উদ্যোগত আজি বজালীৰ সদৰ পাঠশালাৰ নিকটস্থ নিত্যানন্দ খেলপথাৰত কৃত্ৰিম প্ৰজননৰ ফলপ্ৰসূতা আৰু উপকাৰিতাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে এক কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা গো-পোৱালীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, নন্দিতা গাৰ্লোছাৰ উপস্থিতিত কৃষি, পশুপালন, পশু চিকিৎসা আৰু দুগ্ধ মন্ত্ৰী অতুল বৰাই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে কাফ্ শ্বো টোৰ শুভ উদ্বোধন কৰে। NDDBৰ অধ্যক্ষ মীনেশ চি শ্বাহে বিশেষ অতিথি হিচাপে উপস্থিত থাকি এই অনুষ্ঠানৰ শোভা বৰ্ধন কৰে৷ দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত জিলাখনৰ লগতে চুবুৰীয়া অঞ্চলৰ শতাধিক কৃষকে অংশগ্রহণ কৰে৷ উল্লেখ্য যে বিশ্ব বেংকৰ বিত্তীয় সাহায্য “APART” প্ৰকল্পৰ অধীনত “WAMUL” ৰ উদ্যোগত আনুষ্ঠানিক গাখীৰ মূল্য শৃংখলৰ অধীনত ৰূপায়ণ কৰা “ড’ৰষ্টেপ AI ডেলিভাৰী সেৱা”ৰ জৰিয়তে আৰু প্ৰদান কৰা NDDB ডেইৰী চাৰ্ভিচেছে আগবঢ়োৱা কাৰিকৰী সহায়ৰ সহযোগত অসমত কৃত্ৰিম প্ৰজনন (AI)ৰ জৰিয়তে উৎপাদিত হোৱা ১০০ টা মাইকী পোৱালি এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয়। গিৰ, সাহিৱাল, ৰেড সিন্ধী আদি থলুৱা উচ্চজাতৰ যোগ্যতাসম্পন্ন পোৱালি, আৰু থলুৱা জাত আৰু হোলষ্টেইন ফ্রিজিয়ান (HF) / জাৰ্চি (JY)ৰ ক্ৰচ ব্ৰিদ পোৱালি এই কাফ্ শ্বোত প্ৰদৰ্শন কৰা হয়। আনহাতে HF আৰু JYৰ দৰে বিদেশী জাতৰ কিছু সংখ্যক পোৱালিও এই কাফ্ শ্বোত প্ৰদৰ্শন কৰা হৈছিল। শ্ব’টোত ছাহিৱাল, জাৰ্চি আৰু ৰেড সিন্ধীৰ এফ ১ মাতৃকো প্ৰদৰ্শন কৰা হয়৷ স্মৰ্তব্য যে দুৱাৰদলিতে সকলো সেৱা প্ৰদান কৰিব পৰাকৈ ম’বাইল এআই টেকনিচিয়ান (এমএআইটি)ক শিলিগুৰি আৰু জলন্ধৰৰ NDDBৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰশিক্ষণ দিয়া হয়। এই প্ৰকল্পৰ অধীনত, কৃষকসকলৰ মাজত পশুকুলৰ গৰ্ভধাৰণৰ উপযুক্ত সময় কেনেকৈ ধৰা পেলাব পাৰে তাৰ বাবে সজাগতা সৃষ্টি কৰা হয় আৰু তেওঁলোকে MAIT সকলক অৱগত কৰাৰ পিছত অভিজ্ঞ দলটোৱে কৃষকৰ চৌহদত উপস্থিত হৈ কৃত্ৰিম প্ৰজনন সম্পন্ন কৰে। অনুষ্ঠানত NDDBৰ অধ্যক্ষ মীনেশ শ্বাহে কৃষি আৰু সমবৰ্গীয় খণ্ডত দুগ্ধ উৎপাদনক জীৱিকাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসু উৎস হিচাপে অভিহিত কৰে। অৱশ্যে কৃষকসকলে দুগ্ধ উৎপাদনক জীৱিকা হিচাপে গ্ৰহণ কৰাৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ সমস্যা তথা উৎপাদকসকলৰ বাবে বছৰজুৰি স্থিৰ আৰু লাভজনক বজাৰ নিশ্চিত কৰাটোৱেই হৈছে ইয়াৰ সৈতে জড়িত দুটা গুৰুত্বপূৰ্ণ কাৰক। তেওঁ দুগ্ধ উৎপাদন ক্ষেত্ৰখনক উৎসাহিত কৰাৰ বাবে অসম চৰকাৰৰ প্ৰশংসা কৰে আৰু অসমৰ সমবায় দুগ্ধ প্ৰতিষ্ঠানক জীপাল কৰি তোলাৰ দায়িত্ব NDDBক অৰ্পন কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। শ্বাহে দুগ্ধ উৎপাদনৰ বহুমুখী উপকাৰিতাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰি কয় যে ই কেৱল দুগ্ধ আৰু দুগ্ধজাত সামগ্রীতে সীমাবদ্ধ নহৈ ইন্ধনৰ বাবে গোবৰ গেছৰ পৰা জৈৱিক গোবৰলৈকে বিস্তৃত। উৎপাদনশীলতাৰ দিশটোৰ ওপৰত মন্তব্য কৰি NDDB অধ্যক্ষগৰাকীয়ে পশুখাদ্যৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে যিটো বৃহৎ পৰিসৰত বিকশিত কৰাটো প্ৰয়োজনীয়। অনুষ্ঠানটোৰ উদ্যোক্তাসকলে কয় যে WAMULৰ বিস্তৃতি থকা জিলাসমূহে কৃত্ৰিম প্ৰজনন সর্বোত্তম ৰূপত গ্ৰহণ কৰিছে, যিহেতু ইয়াত উৎপাদিত গাখীৰৰ বাবে বছৰযোৰা বজাৰ প্ৰস্তুত হৈ আছে। বৰপেটা, নগাঁও, মৰিগাঁও, কামৰূপ, নলবাৰী আৰু এতিয়া গোৱালপাৰা আৰু বঙাইগাঁও সফল জিলা সমূহৰ ভিতৰত শীর্ষ স্থান অধিকাৰ কৰি আছে। উজনি অসমতো গাখীৰ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হলে কৃত্ৰিম প্ৰজননৰ সংখ্যা তৎক্ষণাত বৃদ্ধি পাব বুলি উদ্যোক্তাসকলে মন্তব্য কৰে৷ অঞ্চলটোৰ কৃষক আৰু গণ্যমান্য ব্যক্তিসকলক কাফ্ শ্বেত আদৰণি জনাই ‘WAMUL” ৰ পৰিচালন সঞ্চালক সত্যব্রত বসুৱে অসমৰ পশুপালনৰ বাবে উৎপাদনশীলতা বৃদ্ধিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। আজিৰ কাফ্ শ্বোই কৃষকসকলক কৃত্ৰিম প্ৰজননৰ সুবিধাসমূহৰ বিষয়ে বিতং ভাৱে জানিবলৈ সহায় কৰিব আৰু তেওঁলোকক অধিক উৎপাদনশীলতাৰ বাবে নতুন নতুন ভাল পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব বুলি মন্তব্য কৰি বসুৱে জনায় যে IAPART প্ৰকল্পৰ জৰিয়তে WAMUL’ এ প্রায় ৭.৭৫ লাখ কৃত্রিম প্রজনন সম্পাদনা কৰিবলৈ সক্ষম হৈছে, যাৰ ফলত উচ্চ জেনেটিক মেৰিট (এইচজিএম)ৰ ১.৫০ লাখ মাইকী পোৱালি জন্ম দিয়া হৈছে। পৰৱৰ্তী প্ৰজন্মৰ মাতৃৰ কিছুমানৰ দুগ্ধ উৎপাদন (F1 আৰু F2) ১.২ লিটাৰৰ (LPD)ৰ পৰা ৫.০ LPDলৈ বৃদ্ধি হোৱা দেখা গৈছে। উল্লেখযোগ্য যে জিলা হিচাপে বৰপেটা অসমৰ সৰ্বাধিক গাখীৰ উৎপাদনকাৰী জিলা আৰু সেইহেতুকে বৰপেটা জিলাৰ নিত্যানন্দত WAMUL-এ এই কাফ্ শ্বো আয়োজন কৰাত যুক্তি যুক্ততা আছে। সমবায় দুগ্ধ উৎপাদনে জিলাসমূহৰ অৰ্থনীতিত অপৰিসীম সহায় কৰিছে আৰু অসমৰ আন জিলাসমূহেও একে পথ অনুসৰণ কৰি খোজ আগবঢ়াইছে৷ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং সমন্বিতে কেবাগৰাকী বিভাগীয় বিষয়ববীয়া উপস্থিত থাকে৷
প্ৰেৰক কল্যাণ কলিতা