বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ১৩ জানুৱাৰীত যাত্রা আৰম্ভ কৰিব বিলাসী জাহাজ গংগা বিলাস
নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী: দেশৰ নদী পর্যটনৰ ক্ষেত্রত সংযোজিত হ’ব আন এক অধ্যায়৷ বিশ্বৰ সর্বাধিক দীঘলীয়া নদী যাত্রা সামৰি ল’বলগীয়া বিলাসী জাহাজ ‘এমভি গংগা বিলাস’–এ অহা ১৩ জানুৱাৰীত যাত্রা আৰম্ভ কৰিব৷ বাৰাণসীৰ পৰা ডিব্রুগড়লৈ এই বিলাসী জাহাজখনে যাত্রা কৰিব৷ অহা ১৩ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বাৰাণসীত ‘এমভি গংগা বিলাস’ৰ ফ্লেগ অফ কৰিব৷ গংগাৰ পৰা ব্রহ্মপুত্রলৈকে কেইবাটাও নদ–নদী সামৰি ল’বলগীয়া জাহাজখনে মুঠ ৩,২০০ কিলোমিটাৰ অতিক্রম কৰিব৷ বাৰাণসীৰ পৰা বাংলাদেশৰ মাজেৰে আহি ডিব্রুগড়ত ‘এমভি গংগা বিলাস’ উপস্থিত হ’ব৷ এই সময়ছোৱাত জাহাজখনে ভাৰত আৰু বাংলাদেশৰ পাঁচখন ৰাজ্যৰ ২৭টা নদী প্রণালীৰ মাজেৰে যাত্রা কৰিব৷ বিলাসী জাহাজখনৰ ৫১ দিনীয়া যাত্রা পথত দেশৰ ভিন্ন প্রান্তৰ ঐতিহ্য ক্ষেত্রসমূহ পৰিদর্শন কৰিবলৈ যাত্রীসকলে সুযোগ লাভ কৰিব৷ বিশ্ব ঐতিহ্য ক্ষেত্রৰ উপৰি ৰাষ্ট্রীয় উদ্যান, নদীঘাট, বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ শ্বাহিবগঞ্জ, পশ্চিমবংগৰ কলকাতা, বাংলাদেশৰ ঢ়াকা আৰু অসমৰ গুৱাহাটীকে ধৰি কেইবাখনো বৃহৎ চহৰৰ উপৰি ৫০খন পর্যটনস্থলী ভ্রমণ কৰিবলৈ যাত্রীসকলে সুবিধা লাভ কৰিব৷ ‘এমভি গংগা বিলাস’ নামৰ জাহাজখনৰ দৈর্ঘ্য হৈছে ৬২ মিটাৰ, প্রস্থ ১২ মিটাৰ৷ জাহাজখনত তিনিটা ডেক আৰু ৩৬জন পর্যটকৰ বাবে ১৮টা ছ্যুট থাকিব৷
পর্যটকসকলৰ বাবে এই যাত্রা সুমধুৰ আৰু ৰোমাঞ্চকৰ কৰি তুলিবলৈ সকলো ধৰণৰ সা–সুবিধাৰ প্রতি লক্ষ্য ৰখা হৈছে৷ বহনক্ষম ব্যৱস্থাৰে নির্মাণ কৰা জাহাজখন প্রদূষণমুক্ত আৰু শব্দ নিয়ন্ত্রণ প্রযুক্তিৰে সমৃদ্ধ৷ ‘এমভি গংগা বিলাস’ত ছুইজাৰলেণ্ডৰ ৩২গৰাকী পর্যটকে বাৰাণসীৰ পৰা ডিব্রুগড়লৈ যাত্রা কৰিব৷ অহা ১ মার্চত ডিব্রুগড়ত ‘এমভি গংগা বিলাস’ উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ ঐতিহাসিক, সাংস্কৃতিক আৰু ধর্মীয় গুৰুত্বপূর্ণ স্থানসমূহত ৰখাই জাহাজৰ যাত্রীসকলক ভাৰতীয় চহকী ঐতিহ্য প্রত্যক্ষ কৰাৰ সুবিধা প্রদান কৰা হ’ব৷ এই ভ্রমণসূচীত বিখ্যাত গংগা আৰতিৰ পৰা বৌদ্ধ ধর্মৰ অত্যন্ত পৱিত্র স্থান সাৰনাথলৈকে সামৰি লোৱা হৈছে৷ অসমত তন্ত্র–মন্ত্রৰ বাবে বিখ্যাত মায়ঙৰ লগতে ব্রহ্মপুত্রৰ বুকুত অৱস্থিত সর্ববৃহৎ নদীদ্বীপ তথা বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলী দর্শন কৰাৰ পর্যটকসকলে সুবিধা লাভ কৰিব৷ ভ্রমণৰ সময়ছোৱাত পর্যটকসকলে বিহাৰ স্কুল অৱ যোগ আৰু বিক্রমশিলা বিশ্ববিদ্যালয় পৰিদর্শন কৰিব৷ এই বিলাসী জাহাজখনে বিশ্ব ঐতিহ্য ক্ষেত্র সুন্দৰবনৰ লগতে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানো অতিক্রম কৰিব৷ জাহাজখনে যাত্রা আৰম্ভ কৰাৰ প্রাক্ক্ষণত কেন্দ্রীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ইয়াৰ জৰিয়তে নদী পর্যটনৰ ক্ষেত্রত এক নতুন যুগৰ সূচনা হ’ব৷ এই প্রসংগতে তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গতিশীল নেতৃত্বত আমি আমাৰ চহকী নদী প্রণালীয়ে আগবঢ়োৱা অপৰিসীম সম্পদৰ সন্ধান কৰি আছোঁ৷ আভ্যন্তৰীণ জলপথৰ জৰিয়তে বহনক্ষম উন্নয়নৰ এই পথটোৱে যথেষ্ট উত্থান লাভ কৰিছে৷ মালবাহী যাতায়াতৰ লগতে যাত্রী পর্যটন বৃদ্ধিৰ প্রচেষ্টাই উৎসাহজনক ফলাফল দেখুৱাইছে৷ ‘এমভি গংগা বিলাস’ হৈছে দেশৰ বিশাল সম্ভাব্য নদী পর্যটন দুৱাৰ মুকলি কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ৷’