নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ পানীখাইটিত উদ্ধাৰ ৪ টা বোমা সদৃশ সামগ্ৰী

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা ছয়গাঁৱত স্থানীয় ৰাইজে উদ্ধাৰ কৰে চাৰিটাকৈ বোমা সদৃশ সামগ্ৰী । যাৰ পাছতে এতিয়া সমগ্ৰ ছয়গাঁৱতে এই সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

বোমা সদৃশ সামগ্ৰীকেইটা

উল্লেখ্য যে ছয়গাঁও থানাৰ অন্তৰ্গত পানীখাইতিত যোৱা নিশা বুদ্ধেশ্বৰ চৌধুৰী নামৰ লোকজনৰ বাসগৃহত কোনো অচিনাক্ত দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । এই আক্ৰমণৰ পাছতে ওচৰ চুবুৰীয়াই গম পাই হৈ-চৈ কৰাত আক্ৰমণকাৰী দুৰ্বৃত্তৰ দলটো পলায়ন কৰে ।

ইফালে দুৰ্বৃত্তৰ দলটো পলায়ন কৰাৰ সময়তে ঘটনাস্থলীত ৰৈ যায় এখন পালছাৰ বাইকসহ বোমাকেইটা।

বৰ্তমান ছয়গাঁও আৰক্ষীয়ে নিস্ক্ৰিয় কৰাৰ বাবে বোমাকেইটা কুকুৰমাৰাৰ বাঢ়ন্তী ৰিজাৰ্ভলৈ আনিছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীলৈ বোমা বিশেষজ্ঞ অহাৰ পাছতে বোমা সদৃশ সামগ্ৰী কেইটা নিষ্ক্ৰিয় কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

You might also like