তিতাবৰত ৩০ গৰাকীক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক প্ৰদান বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ
নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰী : ভোগালীৰ আনন্দ উল্লাহৰ মাজতে আজি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সমষ্টিটোৰ ৩০ গৰাকীকৈ লোকক মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ চেক প্ৰদান কৰে। বিধায়কগৰাকীয়ে পুৱাতে তেওঁৰ বাসগৃহত একাংশ লোকক হাতে হাতে চেক প্ৰদান কৰাৰ লগতে কেইগৰাকীৰ বাসগৃহলৈ গৈয়ো চেক প্ৰদান কৰে। স্বাস্থ্যৰ লগতে পৰিয়ালৰ বিভিন্ন কাৰণত আৰ্থিক সমস্যাই জুৰুলা কৰা লোক সকল এনেদৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ দ্বাৰা যথেষ্ট সকাহ লাভ কৰিছে বুলি জানিব পৰা গৈছে। আজি তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ পদক্ষেপকো শলাগ লৈছে ৰাইজে।
প্ৰেৰক | অজয় শইকীয়া