বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখি ভিলাছ ক্ৰুজ ছপৰাত আবদ্ধ
নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী: বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱা ‘গংগা বিলাস ক্ৰুজ’ বিহাৰৰ ছাপৰাত ১৬ জানুৱাৰী সোমবাৰে বিয়লি আবদ্ধ হৈ পৰে। ক্ৰুজখন আবদ্ধ হৈ থকা বুলি গম পোৱাৰ লগে লগে এছডিআৰএফৰ দলক মাতি অনা হয়। অৱশ্যে পাছত এছডিআৰএফৰ তৎপৰতাত আবদ্ধ ক্ৰুজখন পুনৰ উদ্ধাৰ কৰা হয়।
কোৱা হৈছে যে যেতিয়া ক্ৰুজখন ছাপৰাৰ দোৰিগঞ্জ অঞ্চলত উপস্থিত হয় তেতিয়া তাত নদীত পানী কম হোৱাৰ বাবে পাৰলৈ অনাটো কঠিন হৈ পৰিছিল। ক্ৰুজত থকা পৰ্যটকসকলে বহু সময় অপেক্ষা কৰিবলগীয়া হৈছিল। এখন সৰু নাওৰে চিৰান্দলৈ পৰ্যটকক অনাৰ চেষ্টা চলাইছিল এছডিআৰএফৰ দলটোৱে।