নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ এটা বিশেষ আহ্বান । আপুনিও যদি জলসিঞ্চন বিভাগত চাকৰি কৰিব বিচাৰিছে তেন্তে নিযুক্তিৰ পাচতেই আপুনি কাৰ্যালয়লৈ লগত নিব লাগিব চকী-মেজ । এই আহ্বান জনাইছে লখিমপুৰ জিলা জলসিঞ্চন বিভাগৰ কৰ্মচাৰী সকলে । অৱশ্যে লখিমপুৰ জিলাৰ জলসিঞ্চন কাৰ্যালয়ৰ কৰ্মীসকলে কিয় নতুন কৰ্মচাৰীলৈ এই আহ্বান জনাইছে সেইয়া জানিলে আপোনাৰো চকু কপালত উঠিব ।
লখিমপুৰ জিলা জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ তথৈবচ অৱস্থাৰ বাবেই এনেদৰে সাংবাদিকৰ আগত নতুন কৰ্মচাৰীলৈ আহ্বান জনালে পুৰণি কৰ্মচাৰীসকলে । বহু বছৰ ধৰি জলসিঞ্চন বিভাগৰ এই কাৰ্যালয়টোৰ উৱলি যোৱা অৱস্থাই শংকিত কৰি তুলিছে কৰ্মৰত লোকসকলক । এফালৰ পৰা জহি-খহি যোৱা কাৰ্যালয়টোত বহাৰ বাবে কোনো চকী মেজ নথকাৰ লগতে ঘৰটোও হৈ পৰিছে পৰিতক্ত ।
বিশেষকৈ বাৰিষা কালত পানীৰে উপচি পৰে কাৰ্যালয়ৰ মজিয়া । বতাহৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা কৰ্মচাৰীসকলে নিজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত বতাহ আহিলেই পলায়ন কৰে কাৰ্যালয়ৰ বাহিৰলৈ । কিয়নো যিকোনো অৱস্থাতে ভাগি পৰিব পাৰে এই কাৰ্যালয়টো । কাৰ্যালয়ৰ কৰ্মচাৰী সকলে সাংবাদিকক জনোৱা অনুসৰি গুৰুত্বপূৰ্ণ ফাইল-পত্ৰ ৰাখিবৰ বাবেও নাই কাৰ্যালয়ত কোনো ব্যৱস্থা । কাৰ্যালয়ৰ আটাইবোৰ দেৱাল জহিখহি যোৱাৰ লগতে হঠাতে হয়তো খহি পৰিব পাৰে বিজুলী পাংখা । ইফালে, কাৰ্যালয়টোত মহিলা কৰ্মচাৰীৰ বাবে নাই কোনো প্ৰস্ৰাৱগাৰ ।
উল্লেখ্য যে, কাৰ্যালয়টোৰ এই অৱস্থাৰ বাবেই এতিয়া প্ৰতিটো দিনেই শংকাৰে পাৰ কৰিবলগীয়া হয় কৰ্মচাৰীসকলে । চৰকাৰলৈ এইসকল কৰ্মচাৰীৰ আহ্বান – নতুন নিযুক্তি প্ৰক্ৰিয়াৰ পূৰ্বে জলসিঞ্চন বিভাগৰ সকলো কাৰ্যালয় পুনঃনিৰ্মাণ কৰি উপযোগী কৰি তোলক । বহিবলৈ এডোখৰ ঠাই নথকা এই সমূহ কাৰ্যালয়ত দীৰ্ঘদিনে কৰ্মচাৰীসকলে ভোগ কৰি অহা যন্ত্ৰণা যাতে নতুন প্ৰজন্মই লাভ নকৰে তাৰো আহ্বান জনায় লখিমপুৰ জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসকলে ।