নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ নামনি আমলখি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত এটা জৰাজীৰ্ণ শ্ৰেণীকোঠাতে চলিছে ৫টাকৈ শ্ৰেণীৰ পাঠদান!

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী: -ছাত্ৰ ছাত্ৰীৰ মাজত গুণগত শিক্ষাৰ মানদণ্ড নিৰূপনৰ উদেশ্য উদ্দেশ্য ৰাজ্যত চলি থকা প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ মাজতে ঢকুৱাখনাত উন্মোচিত হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ পয়ালগা দৃশ্য। প্ৰচণ্ড শীতৰ মাজতো বাঁহৰ বেৰাৰ জৰাজীৰ্ন বিদ্যালয় গৃহত পাঠ গ্ৰহণ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কন কন ছাত্ৰ-ছাত্ৰীৰ। ঢকুৱাখনা শিক্ষা খণ্ডৰ অধীনস্থ নামনি আমলখি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অতি শোচনীয় অৱস্থাই উদঙাই অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ।
সাধাৰণতে দেখা যায় যে, গুণোৎসৱৰ সময়ত জাকজমকতাৰে ভৰি পৰে শ্ৰেণীকোঠা তথা বিদ্যালয়ৰ চৌদিশ। কিন্তু এই বিদ্যালয়খনত নাই এটা পৰ্যাপ্ত শ্ৰেণীকোঠাও। বাঁহেৰে সজা এটা ভঙা জুপুৰি সদৃশ গৃহতে চলিছে পাঠদান। বিদ্যালয় বুলিবলৈ নাই কোনো ধৰণৰ পৰিৱেশ , নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, নাই সুবিধাও।বাঁহ আৰু টিনপাতেৰে নিৰ্মিত বৰ্তমান জৰাজীৰ্ন হৈ পৰা এটা শ্ৰেণীকোঠাতেই চলিছে ৬টাকৈ শ্ৰেণীৰ পাঠদান।বাঁহৰ জলঙাৰে বাহিৰৰ পৰিৱেশ দেখা পোৱা প্ৰায় ৪০০ বৰ্গফুটৰ এটা শ্ৰেণীকোঠা আছে বিদ্যাল়য়খনৰ।আৰু ইয়াতেই ” ক “শ্ৰেনীৰ পৰা পঞ্চম শ্ৰেনীলৈকে পঢ়ুৱাব লগা হৈছে এজন শিক্ষকে।১৯৮৬ চনতে স্থাপিত ২০১৩বৰ্ষত চৰকাৰীকৰণ হোৱা এই বিদ্যালয়খনত আজিলৈকে স্থায়ী গৃহ নিৰ্মাণ ন’হল। যাৰ বাবে বতাহ – বৰষূণ আহিলে বন্ধ হৈ পৰে বিদ্যালয়খনৰ পাঠদান। বাঁহৰ জলঙাৰে বাহিৰৰ ফেৰফেৰীয়া বতাহ সোমাই অহা ৭৫গৰাকী ছাত্ৰ -ছাত্ৰীয়ে এইদৰে এতিয়া প্ৰচণ্ড শীতৰ মাজতে কঁপি কঁপি জীৱনৰ আদিপাঠ গ্ৰহণ কৰিব লগীয়া হৈছে গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলে ৷যি গুণোৎসৱৰ জৰিয়তে শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰাৰ কথা কৈ অহা হৈছে, তেনে সময়তে এনে বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত কৰি কিদৰে ছাত্ৰ-ছাত্ৰীসকলক মূল্যায়ন কৰিব সেই লৈ প্ৰশ্ন উত্থাপিত কৰিছ অভিভাৱকসকলে ? এই ভঙা বিদ্যালয়খন মেৰামতি কৰা বা এটা পকী গৃহ নিৰ্মাণৰ বাবে বিধায়ক, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ পদক্ষেপ হাতত নল’লে। যাৰ বাবে এই জহি-খহি যোৱা বিদ্যালয়খনৰ ভগা চকী মেজত বহিয়েই গুণোৎসৱত অংশগ্ৰহণ কৰিছে কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ।শিক্ষাৰ্থী সকলে এক সুস্থ পৰিৱেশত যাতে শিক্ষা গ্ৰহন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান বিদ্যালয়খনৰ শিক্ষকগৰাকীৰ লগতে
অভিভাৱকসকলৰ।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like