নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত মেছাৰ্ছ এম জিৰ উদ্যোগত বিনামূলীয়া শীতকালীন বস্ত্র বিতৰণ

নিয়মীয়া বাৰ্তা, ২০জানুৱাৰী: মৰিয়নিৰ ইনডেন বিতৰক প্ৰতিষ্ঠান মেছাৰ্ছ এম জিৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান ঋত্সেৱা আৰু এছথেটিক্ এন.ই.ৰ সহযোগত মৰিয়নিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দৰিদ্ৰলোকৰ মাজত বিনামূলীয়াকৈ গৰম কাপোৰ বিতৰণ কৰা হয় । মৰিয়নিৰ মেছার্ছ এম জি গেছ এজেন্সিৰ স্বত্বাধিকাৰ, সমাজকৰ্মী মৃদুল দলৈ আৰু বিশিষ্ট ব্যৱসায়ী কমল আগৰৱালাই নিজৰ গাঁঠিৰ ধনেৰে দুখীয়া লোকৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰি দুখীয়া লোক সকলক সকাহ দিয়াৰ লগতে তেওঁলোকৰ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । অনুষ্ঠানটোত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, ৱার্ড সদস্য কাজল ভট্টাচাৰ্য, মৰিয়নিৰ চেম্বাৰ্চ অৱ কমাৰ্চৰ সম্পাদক মানৱ দাস, স্বেচ্ছাসেৱী সংগঠন এছথেটিক্ এন.ই.ৰ সভাপতি বিমান কার্ডং, সমাজকৰ্মী হেমকান্ত বুঢ়াগোহাঁই, মিঠু দাস, কিংশুক মহিলা চ’ৰাৰ সভানেত্ৰী ঊষা পাওগাম, মেছাৰ্ছ এম জি গেছ এজেন্সিৰ স্বত্বাধিকাৰ, সমাজকৰ্মী মৃদুল দলৈ, ব্যৱসায়ী কমল আগৰৱালাৰ ওপৰিও আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকি এইসকল লোকৰ মাজত শীতকালীন বস্ত্ৰ হিচাপে ব্লেংকেট, মহিলাসকলক মহিলাৰ বাবে প্ৰয়োজনীয় গৰম কাপোৰ আদি বিতৰণ কৰে । তাৰোপৰি অলপতে মৰিয়নি নগৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলকো শীতকালীন বস্ত্ৰ বিতৰণ কৰে । মেছার্ছ এম জি গেছ এজেন্সি প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ তথা ঋত্সেৱাৰ কাৰ্যবাহী সঞ্চালক মৃদুল দলৈ লগতে ব্যৱসায়ী, লায়ন কমল আগৰৱালাৰ এনে পদক্ষেপক সকলোৱে শলাগ লৈছে । ঋত্সেৱা আৰু এছথেটিক্ এন.ই.য়ে মৰিয়নি পৌৰসভাৰ সহযোগত প্ৰায় শতাধিক নিঃস্বলোকক নিৰ্বাচন কৰি শীতকালীন বস্ত্ৰ বিতৰণ কৰে । আনহাতে, বিগত ডিচেম্বৰ মাহতো ঋত্সেৱা আৰু এছথেটিক্ এন.ই.ৰ তৰফৰ পৰা সাৰথি বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ মাজত শীতকালীন বস্ত্ৰ বিতৰণ কৰাৰ লগতে কেইবাজনো বিশিষ্ট চিকিৎসকৰ সহযোগত আৱাসীসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । মেছার্ছ এম জি গেছ এজেন্সি, ঋত্সেৱা আৰু এছথেটিক্ এন.ই.ৰ এনে কার্যক সকলোৱে আদৰণি জনোৱাৰ লগতে শলাগ লৈছে ।

দিব্যজ্যোতি শইকীয়া

You might also like