নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিউজ লাইভ’ৰ ১৫ বছৰ : হোটেল ৰেডিছন ব্লুত বৰ্ণাঢ্য অনুষ্ঠান

বিশেষ বাৰ্তা, ২১ জানুৱাৰীঃ ১৫ বছৰীয়া হল অসম তথা উত্তৰ–পূবৰ অন্যতম ছেটেলাইট নিউজ চেনেল ‘নিউজ লাইভ’৷ ওপজা মাটিৰ পৰশেৰে উজ্জীৱিত ৰাজ্যৰ প্রথমটো ছেটেলাইট চেনেল হিচাপে ১৫ বছৰীয়া হোৱা ‘নিউজ লাইভ’ হৈ পৰিছে অসমবাসীৰ সপোন, অসমবাসীৰ দাপোণ আৰু অসমবাসীৰ আপোন৷ এই সন্ধিক্ষণতেই আজি নিউজ লাইভে আয়োজন কৰে এখন ছামিট৷ ‘নিউজ লাইভ ছামিট–২০২৩’ত আজি এখন মঞ্চতে সমৱেত হ’ল বহুকেইজন গণ্যমান্য তথা আগশাৰীৰ মহাৰথী৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা বিশিষ্ট ব্যক্তি, ৰাজনৈতিক নেতা, সংগঠনৰ নেতৃত্বৰ সমুখতে চমৎকাৰী যোগাভ্যাসেৰে সকলোৰে চকু থৰ পেলালে বাবা ৰামদেৱে৷ ছামিটত ‘ইয়ং মাইণ্ডছ, নিউ ইণ্ডিয়া এণ্ড এ বেটাৰ ইণ্ডিয়া’ শীর্ষক আলোচনাৰ প্রথম ছেচনত অংশ লয় আই এ এছ বিষয়া আৰণ্যক শইকীয়া, আই পি এছ বিষয়া ছেজাল আগৰৱালা, মডেল জানটি হাজৰিকা আৰু ফটোগ্রাফাৰ গীতিকা তালুকদাৰে৷ আনহাতে ‘ৰিলিভেঞ্চ অৱ ৰিজি’নেল মিডিয়া–ব্রিজ টু দ্য মেইনষ্টিম’ শীর্ষক আলোচনাত অংশ ল’লে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সাংবাদিক সুবীৰ ভৌমিক, ভায়’লিন বাদক সুনীতা খাউণ্ড ভূঞা আৰু অধ্যাপক ড০ অখিল ৰঞ্জন দত্তই৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত তৃতীয় ছেচনত ‘জুডিচিয়াৰী ইন দ্য ডিজিটেল এজ’ শীর্ষক আলোচনাত অংশ লয় উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈয়ে৷ একেদৰে অন্তিম ছেচনত ‘লাইফ ষ্টাইল টক ফ্রম এ লাইফ ষ্টাইল গুৰু–আপ ক্ল’জ উইথ যোগা কিং স্বামী ৰামদেৱ’ শীর্ষক অনুষ্ঠানত অংশ ল’লে বাবা ৰামদেৱে৷ উল্লেখ্য যে সংবাদ জগতত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা নিউজ লাইভৰ এই ছামিটতে আজি সংবাদ মাধ্যমৰ দায়িত্ব–কর্তব্যক লৈ কেইবাটাও উল্লেখনীয় দিশ দাঙি ধৰে প্রাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ৷ আনহাতে, মঞ্চত যোগাসনত বিভিন্ন ভংগীৰে দর্শকক আপ্লুত কৰাই নহয়, দৈনন্দিন জীৱনত কিদৰে নিজকে সুস্থ কৰি ৰাখিব পাৰি, শৰীৰৰ ওজন কমাবলৈ কি কৰিব লাগে আদি বিভিন্ন শাৰীৰিক সমস্যাৰো উত্তৰ দিলে যোগা কিং স্বামী ৰামদেৱে৷ সমান্তৰালভাৱে নম্বৰ সর্বোচ্চ শিক্ষা ব্যৱস্থাই নৱপ্রজন্মৰ চিন্তা আৰু উদ্ভাৱনমুখিতাক কিদৰে প্রভাৱান্বিত কৰিছে, এই বিষয়ে জনালে আই এ এছ বিষয়া আৰণ্যক শইকীয়াই৷ আনহাতে জীৱনত ‘প্লেন–বি’ থকাৰ প্রয়োজন কিমান, সেই সম্পর্কে বিভিন্ন দিশ দাঙি ধৰিলে মডেল জানটি হাজৰিকাই৷ গৌৰৱোজ্জ্বল ১৫সংখ্যক বর্ষপূর্তিৰ এই ক্ষণতে নিউজ লাইভে ২৩ জানুৱাৰীত অসমৰ সামাজিক জীৱনত বিশেষ অৰিহণা যোগোৱা দুগৰাকী ব্যক্তিলৈ আগবঢ়াব জীৱনজোৰা সাধনা বঁটা৷ এই দুগৰাকী ব্যক্তি হ’ল সদ্যপ্রয়াত জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন আৰু সাহিত্যিক–সাংবাদিক পদ্মশ্রী কনকসেন ডেকা৷ ২৩ জানুৱাৰীত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই বঁটা প্রদান কৰিব৷ এই সন্মান আগবঢ়োৱাৰ লগতে নিউজ লাইভে এই বর্ষৰ অসমীয়া হিচাপে সন্মানিত কৰিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু কমনৱেলথ গেমছত স্বর্ণজয়ী নয়নমণি শইকীয়াক৷ অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মা, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, বিমল বড়া, নন্দিতা গার্লোছা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংহল, সাংসদ কামাখ্যাপ্রসাদ তাছা, কুইন ওজা, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা সাংসদ পৱিত্র মার্ঘেৰিটা, অসম সাহিত্য সভাৰ উপ–সভাপতি তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱীৰ লগতে আন বহু বিশিষ্ট ব্যক্তিয়ে অংশ লয়৷

You might also like