নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩২ সপ্তাহ পিছতো গর্ভপাতৰ অনুমতি ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰী: গর্ভপাতৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে একমাত্র অন্তঃসত্ত্বাই৷ এয়া একেবাৰে ব্যক্তিগত সিদ্ধান্ত সন্তানসম্ভৱা নাৰীৰ৷ গুৰুত্বপূর্ণ বিষয়টোত এই পর্যবেক্ষণ আগবঢ়াইছে বোম্বাই উচ্চ ন্যায়ালয়ে৷ ভ্রূণৰ একাধিক শাৰীৰিক–মানসিক ত্রুটি থকাৰ বাবে গর্ভধাৰণৰ ৩২ সপ্তাহ পিছতো গর্ভপাতৰ অনুমতি দিলে বোম্বাই উচ্চ ন্যায়ালয়ে৷ গর্ভপাতৰ অনুমতি বিচাৰি বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এগৰাকী মহিলা৷ ছোনোগ্রাফীত ধৰা পৰে ভ্রূণৰ একাধিক শাৰীৰিক জটিলতা৷ গতিকে এই ভ্রূণ সন্তানৰূপে ভূমিষ্ঠ হ’লে স্বাভাৱিক তথা সুস্থ জীৱনৰ গৰাকী হ’ব নোৱাৰিব৷ সেইবাবেই এনে অনুমতি দিলে বোম্বাই উচ্চ ন্যায়ালয়ে৷ এইক্ষেত্রত মেডিকেল ব’ডৰ দাবী আছিল যে ভ্রূণৰ যি ত্রুটিয়েই নাথাকক, গর্ভধাৰণৰ যিহেতু ৩২ সপ্তাহ পাৰ হৈ গৈছে, গতিকে গর্ভপাত কৰাব নোৱাৰিব মহিলাগৰাকীয়ে৷ কিন্তু বিষয়টোত মেডিকেল ব’ৰ্ডতকৈও অন্তঃসত্ত্বাৰ মতামতক অধিক গুৰুত্ব দিয়ে উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৌতম পেটেল আৰু এছ জি ডিজৰ বিচাৰপীঠে মহিলাগৰাকীৰ পক্ষত ৰায়দান কৰে৷

You might also like