নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত নগাই গছ কটা ঠাইত বন বিভাগৰ সহযোগত কাটনি পঞ্চায়তৰ গছপুলি ৰোপণ

বিশেষ বাৰ্তা, ২৪ জানুৱাৰীঃ মৰিয়নিৰ অসম নাগালেণ্ড সীমামূৰীয়া নাগাজাংকা উদয়পুৰৰ উখনাঘাট নামৰ বনভোজথলীত ২ জানুৱাৰীৰ পুৱা নগা দুৰ্বৃত্তই শতাধিক গছ কাটি তহিলং কৰা ঘটনাৰ পিছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। ভোগদৈ নৈৰ দাঁ‌তিত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অসমৰ এই বনভোজথলীৰ গছ কটা কাৰ্য্যতে সীমাবদ্ধ নাথাকি অসমৰ প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ বিষয়াৰ সন্মুখতে উক্ত স্থান অসমৰ পৰিৱৰ্তে নাগালেণ্ডৰ বুলিহে দাবী কৰিছিল। অসমৰ সীমান্ত দণ্ডাধীশে এই ঘটনাত জড়িত নগা দুৰ্বৃত্তক এসপ্তাহৰ ভিতৰত কৰায়ত্ত কৰিবলৈ নগালেণ্ডৰ প্ৰশাসনক আহ্বান জনাইছিল যদিও এই আহ্বানৰ প্ৰতি কাৰ্য্যতঃ কোনো গুৰুত্বই নিদিলে নগা প্ৰশাসনে। শেহতীয়াকৈ নগা দুৰ্বৃত্তৰ বিৰুদ্ধে বন বিভাগে মৰিয়নি থানাত এজাহাৰ দাখিল কৰিছিল। আনহাতে আজি মৰিয়নিৰ বন বিভাগ আৰু ৬১নং কাটনি গাঁও পঞ্চায়তে উক্ত স্থানত প্ৰায় চাৰে তিনিশৰো অধিক গছ পুলি ৰোপণ কৰে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, ৬১নং কাটনি গাঁও পঞ্চায়তৰ সভাপতি অপূৰ্ব শইকীয়া, মৰিয়নি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ বৰগোহাঁ‌ই, স্থানীয় জোনালী ছত্ৰী, জোনটি চুতীয়া, বিদ্যাধৰ শইকীয়া আদি এই গছপুলি ৰোপণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ এই গছপুলি ৰোপণ কাৰ্য্যসূচীত স্থানীয় শতাধিক পুৰুষ – মহিলাই সহযোগিতা আগবঢ়ায়। উল্লেখযোগ্য যে, কাটনি গাঁও পঞ্চায়তে উক্ত স্থানত বনভোজথলীলৈ অহা ৰাইজক উদ্দেশ্যি এখন বেনাৰ আঁ‌ৰিছিল যদিও নগাৰ দলটোৱে উক্ত বেনাৰখন লৈ যোৱাৰ লগতে নগাই সেই স্থানত বেনাৰ লগোৱা নিষিদ্ধ কৰিছিল। কিন্তু আজি সেই স্থানত তিনি শতাধিক গছ পুলি ৰোপণ কৰি নগাৰ দলটোক প্ৰত্যাহ্বান জনালে অসমৰ ৰাইজে। ৰোপণ কৰা গছপুলি সমূহ ৰক্ষণাবেক্ষণ দিয়াৰ লগতে পুলি সমূহ জীয়াই তুলিবলৈ সৰ্বতোপ্ৰকাৰৰ প্ৰচেষ্টা হাতত লোৱা হ’ব বুলি আজি তেওঁলোকে জানিবলৈ দিয়ে ।ইফালে, নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ নগাৰ এনে বৰ্বৰ কাৰ্য্যৰ বিৰুদ্ধে লক্ষণীয়ভাৱে মৌন হৈ আছে। লক্ষণীয় যে, অসমৰ মাটিৰ শতাধিক গছ নগা দুৰ্বৃত্তই কাটি তহিলং কৰাৰ পিছতো অসমৰ প্ৰশাসন, বন বিভাগ অথবা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উক্ত স্থানলৈ যোৱাৰ প্ৰয়োজনবোধ নকৰিলে। ইয়াৰ বিপৰীতে নগালেণ্ডৰ কেবাগৰাকীও বিষয়াই সেই স্থান পৰিদৰ্শন কৰি গৈছিল । আনহাতে, চৰকাৰে তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা হাতত নোলোৱাৰ বিপৰীতে আজি পঞ্চায়ত আৰু বন বিভাগে সেই ঠাইতে গছপুলি ৰোপন কৰে। গছপুলি ৰোপণ কৰা এই বিষয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। স্থানীয় ৰাইজে আজি এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা হাতত লোৱাৰ প্ৰয়োজন আছিল বুলি উল্লেখ কৰে। কোনো কাৰণতে অসমৰ মাটি নগাক এৰি দিয়া নহ’ব বুলিও আজি ৰাইজে হুংকাৰ প্ৰদান কৰে। ৬১নং কাটনি গাঁও পঞ্চায়তৰ সভাপতি অপূৰ্ব শইকীয়াই এই কাৰ্য্যত পূৰ্ণ সহযোগ আগবঢ়ায়। তেওঁ কয়- অসমৰ মাটিত নগাৰ লুলোপ দৃষ্টি অব্যাহত আছেই। এই মাটিখিনি অসমৰ মাটি হোৱাৰ পিছতো নগাই নগালেণ্ডৰ মাটি বুলি দাবী কৰাতো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে পঞ্চায়ত সভাপতিজনে। এনে কাৰ্য্য কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে। আজিৰ এই গছ পুলি ৰোপণৰ পিছত নগালেণ্ডৰ লোকৰ প্ৰতিক্ৰিয়া কি হয় তালৈ সকলোৱে দৃষ্টি ৰাখিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like