নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দেশৰ তিনি সেনাৰ মাজত সমন্বয় ৰক্ষাৰে প্রতিৰক্ষা বিভাগক শক্তিশালীকৰণৰ লক্ষ্যৰে নিযুক্ত প্রথম চীফ অৱ ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল বিপিন ৰাৱাটে তিনি সেনাক শক্তিশালীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্রহণৰ ঘোষণা কৰিছে৷ নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত চি ডি এছ জেনেৰেল ৰাৱাটে কয় যে সশস্ত্র বাহিনীৰ সমন্বয় ঘটাই সকলো আকাশী অভিযানৰ বাবে ‘এয়াৰ ডিফেন্স কমাণ্ড’ গঠন কৰা হ’ব৷
তদুপৰি ভাৰত মহাসাগৰীয় অঞ্চল আৰু সাগৰীয় সীমা নিৰীক্ষণৰ বাবে ‘পেনিনছুলা কমাণ্ড’ গঠন কৰা হ’ব৷ আনহাতে, সামৰিক বাহিনীৰ খাদ্যকে ধৰি অস্ত্র–শস্ত্র সৰবৰাহৰ বাবে গঠন কৰা হ’ব লজিষ্টিক কমাণ্ড৷
উল্লেখ্য যে যোৱা বর্ষৰ ২৪ ডিচেম্বৰত চি ডি এছ পদ সৃষ্টিৰ ঐতিহাসিক সিদ্ধান্তৰ পাছত স্থলসেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱাটক দেশৰ প্রথম চি ডি এছ হিচাপে নিযুক্তি দিছিল আৰু চাৰি তাৰকাযুক্ত জেনেৰেল ৰাৱাটে ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে চি ডি এছৰ দায়িত্ব গ্রহণ কৰিছিল৷ তিনি সেনাৰ সমন্বয় কৰি দেশৰ প্রতিৰক্ষা বিভাগক শক্তিশালীকৰণৰ বাবে প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনত নতুন সামৰিক পৰিক্রমা বিভাগ এটা গঠন কৰে৷ এই বিভাগৰ সচিব হিচাপে চি ডি এছেই বিভাগটোৰ মুৰব্বী৷ চুবুৰীয়া ৰাষ্ট্রৰ সৈতে সীমা বিবাদ কিম্বা ছায়াযুদ্ধৰ সময়ত তিনি সেনাবাহিনীৰ মাজত অভিযানৰ সময়ত থকা আসোঁৱাহ নির্মূল কৰাৰ বাবেই চি ডি এছ পদ সৃষ্টি কৰা হয়৷