অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব জি পি সিং
নিয়মীয়া বার্তা, ২৮ জানুৱাৰী: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধানৰ নাম। বৰ্তমান অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৈ থকা জি পি সিং হ’ব অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকপ্ৰধান।
আজি কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।
উল্লেখ্য যে ৩১ জানুৱাৰীত কাৰ্যকাল অন্ত পৰিব বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। যাৰ বাবে নতুন আৰক্ষী সঞ্চালক প্ৰধান কোন হব তাক শেহতীয়াকৈ ব্যাপক চৰ্চা চলি আছিল।
ইফালে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ছ’চিয়েল মিডিয়াযোগে জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে- “মা কামাখ্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা।”
With the blessings of Maa Kamakhya, I look forward to the opportunity of serving the people of Assam. Gratitude to the Honourable Chief minister Assam for reposing trust in me to lead the glorious Assam Police. @assampolice @CMOfficeAssam
— GP Singh (@gpsinghips) January 28, 2023