এপিডিচিএলৰ আন এক হঠকাৰী সিদ্ধান্ত: ইন্ধন–শক্তি ক্রয়ৰ দোহাই দি প্রতি ইউনিটত পুনৰ ২০ পইচা মাচুল বৃদ্ধি
- ডিচেম্বৰৰ পৰা বঢ়াইছিল ৩০ পইচাকৈ
- সকলো শ্রেণীৰ গ্রাহকৰ বাবে তিনি মাহলৈ হ’ব কার্যকৰী, দিব লাগিব অতিৰিক্ত মুঠ ৫০ পইচা
- প্রতি ইউনিটত গড়ে ১.৮০ টকাকৈ বঢ়োৱাৰ আন এক প্রস্তাৱো দাখিল কৰিছে নিয়ামক আয়োগক
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: বাৰম্বাৰ মাচুল বৃদ্ধিৰে গ্রাহকক ৰাম–টাঙোন শোধোৱাত অসম বিদ্যুৎ বিতৰণ কোম্পানী (এপিডিচিএল)–এ গ্রহণ কৰিছে আন এক হঠকাৰী সিদ্ধান্ত৷ ইন্ধন আৰু শক্তি ক্রয়ৰ বিপৰীতে হোৱা ব্যয়ৰ জোৰা মাৰিবলৈ সকলো শ্রেণীৰ গ্রাহকৰ ওপৰত যোৱা ডিচেম্বৰ মাহৰ পৰা প্রতি ইউনিটত ৩০ পইচা মাচুলৰ বোজা জাপি দিয়া এপিডিচিএলে ইয়াৰ লগত সংযোগ কৰিছে আৰু ২০ পইচা৷ যিটো সকলো শ্রেণীৰ গ্রাহকৰ ক্ষেত্রত আগন্তুক তিনি মাহলৈ কার্যকৰী হ’ব৷ অর্থাৎ এতিয়া নির্ধাৰিত মাচুলৰ উপৰি ইন্ধন আৰু শক্তি ক্রয়ৰ নামত এপিডিচিএলক গ্রাহকে অতিৰিক্তভাৱে প্রতি ইউনিটত আদায় দিব লাগিব মুঠ ৫০ পইচা৷ এই সন্দর্ভত কালি এপিডিচিএলৰ মহাপ্রবন্ধক (মাচুল নিয়ামক কোষ)–এ এপিডিচিএল/চিজিএম (কমার্চ এণ্ড ই ই/এফপিপিএ/২১–২২/৫২ নম্বৰৰ এক জাননী জাৰি কৰিছে৷
জাননীখনত উল্লেখ কৰা অনুসৰি ইন্ধন আৰু শক্তি ক্রয়ৰ মূল্যৰ জোৰা মাৰিবলৈ পৰৱর্তী তিনি মাহ ফেব্রুৱাৰীৰ পৰা এপ্রিললৈ গ্রাহকে মুঠ ৫০ পইচা আদায় দিব লাগিব৷ অতিৰিক্ত এই ২০ পইচা জানুৱাৰী মাহৰ বাবে ফেব্রুৱাৰীত, ফেব্রুৱাৰীৰ বাবে মার্চত আৰু মার্চৰ বাবে লোৱা হ’ব এপ্রিল মাহত৷ এপিডিচিএলৰ এনে সিদ্ধান্তত স্বাভাৱিকতে ৰাজ্যবাসীৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ কিয়নো বজাৰত আকাশলংঘী দামবৃদ্ধিয়ে জুৰুলা কৰা সর্বসাধাৰণ ৰাইজে এপিডিচিএলৰ এনে হঠকাৰী সিদ্ধান্ত সহজভাৱে ল’ব পৰা নাই৷
বিদ্যুৎ মাচুল বৃদ্ধিৰ লগে লগে ইয়াৰ বিৰূপ প্রভাৱ বজাৰতো পৰাৰ আশংকা প্রকট হৈ পৰিছে৷ তদুপৰি ইন্ধন আৰু শক্তি ক্রয়ৰ জোৰা মাৰিবলৈ এনেদৰে মাচুল বৃদ্ধি কৰাৰ সমান্তৰালভাৱে শীঘ্রে অসম বিদ্যুৎ নিয়ামক আয়োগে নতুন মাচুল নির্ধাৰণৰো সম্ভাৱনা প্রকট৷ কাৰণ শেহতীয়াকৈ এপিডিচিএলে আয়োগৰ ওচৰত গড়ে ৩১ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্রস্তাৱ দাখিল কৰিছিল৷ যিটো সম্প্রতি আয়োগৰ বিবেচনাধীন হৈ আছে৷ যদিহে এপিডিচিএলৰ প্রস্তাৱত আয়োগে সন্মতি প্রকাশ কৰে, তেন্তে জীৱনধাৰাৰ একোজন গ্রাহকে বর্তমানৰ প্রতি ইউনিটত ৪.৯৫ টকাৰ পৰিৱর্তে আদায় দিব লাগিব ৫.৯০ টকা৷ সেইদৰে ৫ কিলোৱাটৰ ঘৰুৱা গ্রাহকে ০–১২০লৈ প্রতি ইউনিটত বর্তমানৰ ৫.৬০ টকাৰ পৰিৱর্তে ৬.৫৫ টকা মাচুল হিচাপে দিব লাগিব৷