চতুর্থবর্গৰ কর্মচাৰীক প্রহাৰ জিলা উপায়ুক্তৰ; কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী: কোকৰাঝাৰৰ উপায়ুক্ত বর্ণালী ডেকাই এগৰাকী কর্মচাৰীক শাৰীৰিকভাৱে প্রহূত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ জিলা উপায়ুক্ত বর্ণালী ডেকাৰ হাতত প্রহূত হোৱা কর্মচাৰীগৰাকী হ’ল চতুর্থবর্গৰ কর্মচাৰী দীপক দাস৷ প্রহূত কর্মচাৰী দীপক দাসে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা মতে সামান্য কথাতে জিলা উপায়ুক্তই তেওঁক প্রহাৰ কৰে৷ জিলা উপায়ুক্তগৰাকীৰ খাদ্য সামগ্রী কেৰিবেগত নিনিয়াৰ বাবেই প্রথমে খাদ্য সামগ্রী থকা হটকেচৰ ঢ়াকোন খুলি তেওঁৰ গালৈ দলিয়ায়৷ তাৰ পিছতে প্রহাৰ কৰে বুলি চতুর্থবর্গৰ কর্মচাৰী দীপক দাসে অভিযোগ কৰিছে৷ তদুপৰি বয়োজ্যেষ্ঠ কর্মচাৰীজনক ১৫/২০ মিনিট থিয় কৰাই ৰাখি শাস্তি বিহা বুলিও অভিযোগ উঠিছে৷ দীপক দাস বর্তমান কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷ ঘটনাটো কালি সংঘটিত হৈছিল যদিও আজি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰাৰ পিছতহে পোহৰলৈ আহে৷ ইপিনে উক্ত ঘটনাক লৈ ক্ষোভ প্রকাশ কৰিছে কর্মচাৰীগৰাকীৰ পত্নী আৰু কন্যাই৷ তেওঁলোকে জিলা উপায়ুক্তই কর্মচাৰীক প্রহাৰ কৰাৰ অধিকাৰ ক’ত পালে বুলিও প্রশ্ণ কৰি কান্দি কান্দি ন্যায় প্রদানৰ বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক কাতৰ আহ্বান জনাইছে৷ উল্লেখ্য যে আন এগৰাকী কর্মচাৰীয়েও আজি হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰে৷ জিলা উপায়ুক্তৰ এনে কাণ্ডক লৈ কোকৰাঝাৰত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ইপিনে জিলা উপায়ুক্ত বর্ণালী ডেকাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে৷