নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাৰ মহোৎসৱলৈ ভীমবৰ দেউৰীৰ জীৱনভিত্তিক “জিম’চাঁয়া”

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : জননেতা ভীমবৰ দেউৰীৰ জীৱন আৰু কৰ্ম বিষয়ক তথ্যচিত্ৰ “জিম’চাঁয়া” কেৰালাৰ এটি সন্মানীয় তথা দেশৰ এটি আগশাৰীৰ তথ্যচিত্ৰ-চুটি ছবি উৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। য়া পিকচাৰ্চ এণ্ড লেটাৰ্ছৰ বেনাৰত তুলিকা শৰ্মাৰ দ্বাৰা প্ৰযোজিত আৰু মনোজ বৰপূজাৰী পৰিচালিত তথ্যচিত্ৰখনিৰ ই হ’ব বিশ্ব প্ৰিমিয়াৰ। কেৰালাৰ পেৰুমবাভুৰ আৰু কালাড়ীত অৱস্হিত ক্ৰমে ই ভি এম চিনেমা আৰু শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ত আয়োজিত এই চলচ্চিত্ৰ উৎসৱটো হৈছে ১৬ সংখ্যক চাইনছ (SIGNS) ফেষ্টিভেল। উৎসৱৰ প্ৰধান আকৰ্ষণ সৰ্বভাৰতীয় প্ৰতিযোগিতাৰ দুটি শিতান, য’ত এইবাৰ “জিম’চাঁয়া”কে ধৰি ২৩ খন তথ্যচিত্ৰ আৰু ১৬ খন চুটি ছবি আছে। আন এটা শাখা ফ’কাচত আছে ১১ খন তথ্যচিত্ৰ আৰু ২০ খন চুটি ছবি। এই প্ৰতিযোগিতাৰ সৈতে আয়োজকসকলে প্ৰবাদপ্ৰতিম মালায়ালম পৰিচালক-লেখক জন আব্ৰাহামৰ স্মৃতি জড়িত কৰি ৰাখিছে আৰু উৎসৱটোৰ আয়োজক হ’ল একালত সত্যজিত ৰায়ে প্ৰতিষ্ঠা কৰা ‘ফেডাৰেচন অব ফিল্ম ছচাইটীজ অব ইণ্ডিয়া’ৰ ৰাজ্যিক শাখা (FFSI Keralam)।

উল্লেখ্য যে দেশ বিভাজনৰ পূৰ্বে গ্ৰুপিঙৰ চেলু লৈ তেতিয়াৰ অসম প্ৰদেশক প্ৰস্তাৱিত পাকিস্তানৰ সৈতে সাঙুৰি দিব খোজাৰ ষড়যন্ত্ৰ প্ৰতিহত কৰাত এটা ঐতিহাসিক আৰু নিৰ্ণায়ক ভূমিকা লৈছিল প্ৰাক-স্বাধীনতা কালৰ মন্ত্ৰী ভীমবৰ দেউৰীৰ নেতৃত্বাধীন ট্ৰাইবেল লীগে। এই সন্দৰ্ভত তথ্যচিত্ৰখনি নিৰ্মাণৰ বিষয়ে সদৰী কৰি পৰিচালক তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপ্ত চলচ্চিত্ৰ সমালোচক মনোজ বৰপূজাৰীয়ে কয়, “ভীমবৰ দেউৰীক উচিত কাৰণতে গোপীনাথ বৰদলৈয়ে ‘জননেতা’ আৰু শৰৎ চন্দ্ৰ সিংহই ‘সমগ্ৰ অসমৰ নেতা’ আখ্যা দিছিল। আশ্চৰ্যকৰ কথা হ’ল এইগৰাকী জননেতাৰ বিষয়ে লিখিত তথ্যপাতিৰ অভাৱ নাই যদিও বিধানসভা, অভিলেখাগাৰকে ধৰি ক’তো দৃশ্য-শ্ৰাব্য সমল পাবলৈ নাই। কাজেই কিছু প্ৰত্যাহ্বান লৈয়ে ছবিৰ দৃশ্যগ্ৰহণ কৰা হ’ল। তাত দেউৰী জনগোষ্ঠীয় সমলসমূহ সহায়ক হৈ উঠে। লগতে বিভিন্নজনৰ সঁহাৰিও আছিল ইতিবাচক আৰু অমূল্য। চলিত বছৰটো ভীমবৰ দেউৰীৰ মৃত্যুৰ ৭৫ সংখ্যক বৰ্ষ। এই বছৰটোতে ছবিখনিৰ নিৰ্মাণে বহু গুৰুত্বপূৰ্ণ বিষয় চৰ্চাৰ বাট সুচল কৰিব বুলি ধাৰণা কৰিছোঁ।”

You might also like