নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত শিশু শ্ৰমিকবিৰোধী অভিযান : উদ্ধাৰ ১৫টি শিশু

নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ আজি ধুবুৰী শিশু শ্ৰমিক পৰিদৰ্শকৰ নেতৃত্বত আৰু শিশু কল্যাণ সমিতিৰ সহযোগত চলোৱা এক অভিযানত স্থানীয় কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত শ্ৰমিকৰূপে নিয়োজিত ১৫গৰাকী শিশুক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ একাংশ ইটাভাটাতো শিশু শ্ৰমিকৰূপে নিয়োজিত হৈ থকাৰো দীৰ্ঘদিনীয়া এক বু-বাও আছে। এনে প্ৰেক্ষাপটত কিন্তু মাজে সময়ে চলোৱা শিশু শ্ৰমিকৰূপে বিৰোধী এনে অভিযানসমূহ এক ভেঁকোভাওনা বুলিয়েই স্থানীয় একাংশ মহলে উচ্চাৰিত কৰি অহা পোৱা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like